অসম

assam

By

Published : Jun 21, 2021, 8:15 PM IST

ETV Bharat / state

ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে সমগ্ৰ বিশ্বৰ লগতে অসমৰ ভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ বাবে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷

7TH INTERNATIONAL YOGA DAY CELEBRATED AT VARIOUS PLACES IN ASSAM
ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

নিউজ ডেস্ক, 21 জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷

ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুনৰ দিনটো ঘোষণা কৰিছিল ৷ কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে সমগ্ৰ বিশ্বৰ লগতে অসমৰ ভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ বাবে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷

সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ খোৱাং মণ্ডল সমিতি আৰু বিধায়কৰ কাৰ্যালয়ৰ উদ্যোগত মৰাণত আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা এই যোগ শিবিৰত অংশগ্ৰহণ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মণ্ডল সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক লোকে । এই শিবিৰত ডিব্ৰুগড়ৰ দুগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰি তোলে ।

ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে মৰাণ টাউন মণ্ডল আৰু মাহমৰা গ্ৰাম্য মণ্ডলৰ উদ্যোগতো অনুষ্ঠিত কৰা হয় যোগ দিৱসৰ অনুষ্ঠান ৷ উক্ত যোগ শিবিৰত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । উক্ত অনুষ্ঠানত কণ্ঠশিল্পী বিপিন চাউদাং, কুসুম কৈলাশক লগত লৈ মন্ত্ৰীগৰাকীয়ে যোগাসন কৰে ।

ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । আয়ুস মন্ত্ৰণালয়ৰ সহযোগত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ আৰক্ষী চাউনী প্ৰেক্ষাগৃহত সপ্তম সংখ্যক যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় । ধুবুৰী জিলাৰ প্ৰশাসনিক বিষয়াৰ উপৰিও পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু আৰক্ষীৰ জোৱানসকলকে ধৰি অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত ।

ক’ভিড প্ৰট'কল মানি ৰাজ্যত যোগ শিবিৰৰ আয়োজন

আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা প্রশাসনেও ক'ভিড প্ৰট'কল মানি পালন কৰে যোগ দিৱস । ধনশিৰি মহকুমা প্ৰশাসনৰ লগত সহযোগ কৰে সৰুপথাৰ মহাবিদ্যালয় আৰু বিজেপিৰ সৰুপথাৰ মণ্ডল সমিতিয়ে । সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা যোগ দিৱসত বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্রহণ কৰে । ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ লগতে অসমৰ জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোঁহাইয়েও অংশগ্রহণ কৰে উক্ত যোগ দিৱসৰ কাৰ্যসূচীত ।

ক’ভিড প্ৰট'কল মানি ধনশিৰি যোগ শিবিৰৰ আয়োজন

লগতে পঢ়ক: ৰাজ্যজুৰি পালন সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

ABOUT THE AUTHOR

...view details