অসম

assam

ETV Bharat / state

74 সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা - 74 সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা পাতাকা

ৰাজ্যজুৰি অনুষ্ঠিত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সীমিত সংখ্যক কাৰ্যসূচীৰ মাজতে উৰি ৰ’ল ৰাষ্ট্ৰীয় ধ্বজা ৷

ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা পাতাকা
ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা পাতাকা

By

Published : Aug 15, 2020, 7:16 PM IST

নিউজ ডেস্ক, 15 আগষ্টঃ শনিবাৰে উদ্​যাপিত হয় দেশৰ 74তম স্বাধীনতা দিৱস ৷ ইয়াৰ বাবে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উভয় উপত্যাকাৰে সকলো জিলাতে চৰকাৰী ভাবে উত্তোলন কৰা হয় দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷ ডিব্ৰুগড় জিলাত কেন্দ্ৰীয়ভাবে চৌকিদিঙি খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে দুৰ্যোগ প্ৰশমন আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে ৷ ইপিনে লখিমপুৰত পতাকা উত্তোলন কৰে জিলাখনৰ উপায়ুক্ত ডঃ জীৱন বিয়ে ৷

ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা পাতাকা

কৰিমগঞ্জ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ আবকাৰী আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ডিমা হাছাও জিলাত পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লচাই ৷

কৰিমগঞ্জত পতাকা উত্তোলনৰ বাবে সাজুহোৱাৰ মুহূৰ্তত পৰিমল শুক্লবৈদ্য

একেদৰে কোকৰাঝাৰত পতাকা উত্তোলন কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ বঙাইগাঁও জিলাত পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ আনহাতে চিৰাং জিলাত কেন্দ্ৰীয় ভাবে জিলা পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰে জিলাখনৰ উপায়ুক্ত গৌতম তালুকদাৰে ৷

অভিবাদন গ্ৰহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

উল্লেখ্য যে, কৰ’ণা সংকটকালৰ বাবে প্ৰতিখন জিলাতে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা পালন কৰি উদযাপন কৰা হয় পতাকা উত্তোলনৰ কাৰ্যসূচী ৷

স্বাধীনতা দিৱসত স্মৰণ স্বাধীনতাৰ সংগ্ৰামী যোদ্ধা সকলক

স্বাধীনতাৰ পাচত হয়তো এয়াই প্ৰথম য’ত অংশগ্ৰহণ কৰিব নোৱাৰিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৷ সেয়ে প্ৰতিখন জিলাতে সীমিত সংখ্যক লোকৰ উপস্থিতিত সীমিত অনুষ্ঠানৰ মাজতেই উদ্​যাপিত হয় দেশৰ 74 তম স্বাধীনতা দিৱস ৷

কৰিমগঞ্জত পতাকা উত্তোলনৰ বাবে সাজুহোৱাৰ মুহূৰ্তত পৰিমল শুক্লবৈদ্য

লগতে পঢ়কঃস্বাধীনতা দিৱস উপলক্ষে ৰে'ল বিভাগৰ স্বচ্ছতা অভিযান

ABOUT THE AUTHOR

...view details