নগাঁও,30 মাৰ্চঃ নগাঁৱৰ এছ বি আইৰ এ টি এমত নাই কৰ’ণা ভাইৰাছ সন্দৰ্ভত কোনো সতৰ্কতামূলক ব্যৱস্থা ৷ ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ সমীপৰ ই কৰ্ণাৰত নাই হেণ্ড ৱাশ্ব অথবা চেনিটাইজাৰৰ কোনো ব্যৱস্থা ৷ চৰকাৰী নিৰ্দেশনাক সম্পূৰ্ণৰূপে আওকাণ বেংক কৰ্তৃপক্ষৰ লগতে নগাঁও স্বাস্থ্য বিভাগৰ ৷
লক ডাউনৰ ষষ্ঠ দিনঃ ৰাজ্যৰ ক’ত কি ঘটিছে ? - 6th day of lockdown at Assam
13:49 March 30
নগাঁৱৰ এছ বি আইৰ এ টি এমত নাই কৰ’ণা ভাইৰাছ সন্দৰ্ভত কোনো সতৰ্কতামূলক ব্যৱস্থা
13:49 March 30
তলাবন্ধৰ ষষ্ঠটো দিনত জনশূণ্য জামুগুৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
বিশ্বনাথ,30 মাৰ্চঃ তলাবন্ধৰ ষষ্ঠটো দিনত জনশূণ্য জামুগুৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ কোনো কোনো লোক বিশেষ জৰুৰী কামৰ বাবে উলাই আহিছে যদিও এইক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিছে জামুগুৰীহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া মানিক বৰমদৈৰ নেতৃত্বধীন আৰক্ষীৰ দলে ৷ সকলো লোককে কৰ’ণা ভাইৰাছ সন্দৰ্ভত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান আৰক্ষীৰ
09:45 March 30
তলাবন্ধৰ মাজতে কামপুৰত উত্তেজনা
বঢ়মপুৰ,30 মাৰ্চঃতলাবন্ধৰ মাজতে কামপুৰত সৃষ্টি হয় উত্তেজনা ৷ দেওবাৰে নিশা বিক্ৰীৰ বাবে অনা এশ লিটাৰ চুলাই মদ সহ তিনি যুৱকক আবদ্ধ কৰি আঁঠুকঢ়াই ৰাখে ৰাইজে ৷ ধৃত যুৱক কেইজন জন মাছলাই, অসীম জ্যোতি পাটৰ আৰু ৰাজীৱ পাটৰ ৷ যুৱক তিনিজনৰ ঘৰ ভকচুং লাওপানীত ৷
09:44 March 30
শিৱসাগৰৰ নামতিত তলবন্ধ অমান্য কৰা পাঁচ যুৱকক আটক
নামতি,30 মাৰ্চঃ শিৱসাগৰৰ নামতিত তলবন্ধ অমান্য কৰা পাঁচ যুৱকক আটক ৷ ভাৰতীয় দণ্ডবিধিৰ ২৬৯/২৭০/৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰা হয় দিকচু চোমদাৰ গাঁৱৰ ভবেন চুতীয়া, দিকচু মাউটৰ বাবুল বৰা, শেণচোৱা আৰন্ধৰা গাঁওৰ মঞ্জু আৰন্ধৰা, পৰ্বতীয়া খনিকৰ গাঁওৰ ৰিতুৰাজ চুতীয়া আৰু অভয়পুৰীয়া দেওবিলৰ লক্ষ্যজ্যোতি গগৈ ৷
09:03 March 30
মৰিগাঁৱতো চহৰ অঞ্চলৰ লগতে গ্ৰামঞ্চলতো ছেনিটাইজেছনৰ ব্যৱস্থা
মৰিগাঁও,30 মাৰ্চঃ কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ বিভিন্ন জিলা প্ৰশাসনৰ ৷ মৰিগাঁৱতো চহৰ অঞ্চলৰ লগতে গ্ৰামঞ্চলতো ছেনিটাইজেছনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ সোমবাৰে জিলাখনৰ লাহৰীঘাটৰ বিভিন্ন ভিতৰুৱা অঞ্চলত ছেনিটাইজেছনৰ ব্যৱস্থা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷
08:22 March 30
গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে মহানুভৱতা
গোলাঘাট,30 মাৰ্চঃ তলা বন্ধৰ ষষ্ঠটো দিনত গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে মহানুভৱতা ৷ গীজান থানাৰ অন্তৰ্গত নুমলীগড়ৰ গ্ৰামাঞ্চলৰ এহেজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্যসামগ্ৰী ৷ বগীজান থানাৰ আৰক্ষী নেতৃত্বত থানা পৰিচালনা সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকলে গ্ৰহণ কৰে এই পদক্ষেপ ৷
08:00 March 30
আমগুৰি পেঙেৰা গাঁৱৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷
আমগুৰি, 30 মাৰ্চঃ আমগুৰি পেঙেৰা গাঁৱত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ গাঁৱৰ কেইবাজনো যুৱকৰ প্ৰচেষ্টাত গাঁওখনৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত খাদ্যবস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয় ৷
07:18 March 30
টিংখাঙত তলাবন্ধৰ মাজতে স্বাস্থ্য কৰ্মীয়েল ঘৰে ঘৰে গৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়তেই কেইবাটাও পৰিয়ালত চুলাই মদৰ ঘটি প্ৰত্যক্ষ কৰে ৷
টিংখাং,30 মাৰ্চঃ ৰাজ্যজুৰি চলি থকা তলাবন্ধৰ সময়তে অব্যাহত আছে জৰুৰীকালীন সেৱাসমূহ ৷ টিংখাঙত তলাবন্ধৰ মাজতে স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়তেই কেইবাটাও পৰিয়ালত চুলাই মদৰ ঘটি প্ৰত্যক্ষ কৰে ৷ চিকিৎসা কৰ্মীৰ দলটোৱে এই ঘাটিসমূহ উচ্ছেদ কৰি বৃহৎ পৰিমাণৰ লালী গুড় জব্দ কৰি অগ্নি সংযোগ কৰে ৷ এইক্ষেত্ৰত স্বাস্থ্যকৰ্মীসকলক স্থানীয় আটছাৰ সদস্যসকলে সহায় সহযোগিতা আগবঢ়ায় ৷