অসম

assam

ETV Bharat / state

মৰাণত শুকুৰবাৰ দিনটোত 55 গৰাকীৰ দেহত ক'ভিড পজিটিভ - ক'ভিড আক্ৰান্ত সংখ্যা

ভয়ংকৰ দিশে মৰাণৰ ক'ভিড পৰিস্থিতি ৷ 362 গৰাকীলৈ বৃদ্ধি পালে মৰাণৰ ক'ভিড আক্ৰান্তৰ সংখ্যা ৷

মৰাণত শুকুৰবাৰ দিনটোত 55 গৰাকীৰ দেহত ক'ভিড পজিটিভ
মৰাণত শুকুৰবাৰ দিনটোত 55 গৰাকীৰ দেহত ক'ভিড পজিটিভ

By

Published : Apr 30, 2021, 10:35 PM IST

মৰাণ, 30 এপ্ৰিল :ডিব্ৰুগড় জিলাৰ খোৱাঙত আজি 42 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ ক'ভিড আক্ৰান্ত আটাইকেইজন লোক খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে খোৱাং অঞ্চলত 306 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷

মৰাণত শুকুৰবাৰ দিনটোত 55 গৰাকীৰ দেহত ক'ভিড পজিটিভ

ইফালে, চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত অঞ্চলকেইটাত 13 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলৰ মুঠ 56 গৰাকীৰ দেহত বৰ্তমানলৈকে ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ উল্লেখ্য যে, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 362 গৰাকী ক'ভিডত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিলে যুৱকে

ABOUT THE AUTHOR

...view details