অসম

assam

ETV Bharat / state

Teacher Attacked by Students: মৰাণত ছাত্ৰৰ উদ্ভণ্ডালিত আহত অন্তঃসত্বা শিক্ষয়িত্ৰী - Teacher injured in students attacked in JNV Moran

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰৰ উদ্ভণ্ডালিত আহত পাঁচমহীয়া অন্তঃসত্বা শিক্ষয়িত্ৰী (pregnant teacher attacked by JNV students Moran) । পৰীক্ষাত নম্বৰ কম পোৱাৰ পাছতে ছাত্ৰই দলবদ্ধ আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক ।

Moran
Moran

By

Published : Nov 29, 2022, 3:21 PM IST

Updated : Nov 29, 2022, 7:02 PM IST

মৰাণ, ২৯ নৱেম্বৰ : গুৰু-শিষ্যৰ সম্পৰ্কক পৱিত্ৰ আৰু মধুৰ সম্পৰ্ক বুলি কোৱা হয় । কিন্তু বৰ্তমান গুৰু-শিষ্যৰ এই মধুৰ সম্পৰ্কত যেন ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে । মধুৰতাৰ বিপৰীতে বৰ্তমান গুৰু আৰু শিষ্যৰ মাজত সময়ে সময়ে তিক্ততাৰ বিষয়েহে শুনিবলৈ পোৱা যায় । কেতিয়াবা যদি শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হয়, কেতিয়াবা আকৌ শিষ্যৰ আক্ৰমণত ধৰাশায়ী হয় গুৰু ।

মৰাণত ছাত্ৰৰ উদ্ভণ্ডালিত আহত অন্তঃসত্বা শিক্ষয়িত্ৰী

তেনে এক ঘটনায়ে সংঘটিত হৈছে মৰাণত । এইবাৰ মৰাণত শিষ্যৰ পৰা নিৰাপত্তাহীনতাত ভুগিছে গুৰুৱে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ (Ragging incident in Dibrugarh University) ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এক ঘটনা সংঘটিত হৈছে । এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ মৰাণস্থিত ডোমৰদলং জৱাহৰ নৱোদয় বিদ্যালয় (Teacher Students conflict in JNV Moran) ।

ছাত্ৰৰ উদ্ভণ্ডালিত আহত হ'বলগীয়া হয় পাঁচমহীয়া অন্তঃসত্বা এগৰাকী শিক্ষয়িত্ৰী (Teacher injured in students attacked in JNV Moran) । ছাত্ৰৰ হাতত আক্ৰান্ত শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে অঞ্জু ৰাণী । ছাত্ৰই পৰীক্ষাত নম্বৰ কম পোৱাৰ বাবে অভিভাৱকক অভিযোগ দিয়াৰ বাবেই ২৭ নৱেম্বৰৰ সন্ধিয়া দলবদ্ধ আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক ।

অৱশ্যে বিদ্যালয়খনৰ ছাত্ৰী আৰু বিদ্যালয়ৰ সহকৰ্মীৰ সহযোগত কোনোমতে প্ৰাণ ৰক্ষা পৰে শিক্ষয়ত্ৰীগৰাকীৰ । উল্লেখ্য, ২৭ নৱেম্বৰত মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীক দলবদ্ধ আক্ৰমণ কৰে নৱম আৰু দ্বাদশ শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰই । ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে শিক্ষক-শিক্ষয়িত্ৰীসকল (Jawahar Navodaya Vidyalaya Moran) ।

যাৰ বাবে আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিবলগা হৈছে জৱাহৰ নৱোদয় বিদ্যালয় প্ৰশাসনে । অভিযোগ উত্থাপন হৈছে একাদশ শ্ৰেণীৰ সুনন্দ্ৰা দিহিঙীয়া আৰু দশম শ্ৰেণীৰ অংকুশ সিঙৰ বিৰুদ্ধে । লগতে আন ২২ গৰাকী ছাত্ৰৰ তালিকাও তৈয়াৰ কৰিছে বিদ্যালয় প্ৰশাসনে । ইফালে ঘটনাৰ লগত জড়িত প্ৰতিজন ছাত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই । আনহাতে, উক্ত ঘটনা পোহৰলৈ অহাৰ পাছতে বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ডিব্ৰুগড়তে ।

লগতে পঢ়ক :Ragging in AMCH: ৰেগিঙৰ বাবে বহিষ্কাৰ AMCH ৰ দুজন ছাত্ৰক

Last Updated : Nov 29, 2022, 7:02 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details