মৰাণ, 9 আগষ্ট : সলনি হৈছে গাড়ী চুৰি চক্ৰৰ চুৰি কাৰ্যৰ কৌশল ৷ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা গাড়ী চুৰি তথা অবৈধভাৱে গাড়ীৰ লেনদেন চক্ৰৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই থকাৰ সময়তে ডিব্ৰুগড়ৰ টেঙাখাটত শনিবাৰে পোহৰলৈ আহে এক ঘটনা ৷ আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ধনৰ লেনদেন কৰি অবৈধভাৱে আনৰ গাড়ী বন্ধকত ৰাখিবলৈ অনা প্ৰায় পাঁচখন বাহন জব্দ কৰে ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষীয়ে এই চক্ৰৰ লগত জড়িতৰ অভিযোগত এগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।
অঞ্চলটোত অবৈধভাৱে গাড়ীৰ লেনদেন চলি থকাৰ এক খবৰ লাভ কৰি বৃহস্পতিবাৰে টেঙাখাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত এক অভিযান চলোৱা হয় ৷ আৰক্ষীয়ে টেঙাখাট বজাৰ নিবাসী চামচুল হকৰ ঘৰৰ সন্মুখত ৰখাই থোৱা অৱস্থাত AS 15G-2682 ইন’ভা, AS 27 A-5343 মাৰুতি এল্ট’, AS 01 JC-8101 মাৰুতি চুইফট ডিজায়াৰ, AS 01 AU -0531 ইন’ভা আৰু এখন নম্বৰ বিহীন বিলাসী বাহন উদ্ধাৰ কৰে ৷