অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি জ্বৰত আক্ৰান্ত ! - বাণীপুৰ ৰে'ল ষ্টেচন

বৃহস্পতিবাৰে পুৱা প্ৰায় 7:20 বজাত বাণীপুৰ ৰে'ল ষ্টেচনত প্ৰৱেশ কৰে, বহিঃৰাজ্যত আবদ্ধ লোকক কঢ়িয়াই অনা প্ৰথমখন ৰে'ল ।

4 passengers from delhi suffering from fever in dibrugarh
4 passengers from delhi suffering from fever in dibrugarh

By

Published : May 14, 2020, 8:32 PM IST

ডিব্ৰুগড়, 14 মে':ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচন পালেহি দিল্লীৰ পৰা বহিঃৰাজ্যত আবদ্ধ লোকক কঢ়িয়াই অনা প্ৰথমখন ৰে'ল । বৃহস্পতিবাৰে পুৱা প্ৰায় 7:20 বজাত বাণীপুৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱা ৰে'লখনক প্ৰথমে ছেনিটাইজ কৰা হয় । ইফালে ষ্টেচনৰ চৌহদত জিলা আৰু চক্ৰ অনুযায়ী নিৰ্মাণ কৰা কেন্দ্ৰ সমূহত যাত্ৰী সকলক স্ক্ৰীনিঙৰ ব্যৱস্থা কৰোতেই 4 গৰাকী লোকৰ দেহত জ্বৰৰ লক্ষণ ধৰা পৰে । জ্বৰৰ লক্ষণ ধৰা পৰা লোককেইজনক ততাতৈয়াকৈ জকাইৰ মডেল হাস্পতালত হাস্পতাল কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হয় । এই গৰাকী ব্যক্তিৰ ভিতৰত আছে দুটি শিশু । চাৰিওগৰাকী লোক একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে । যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দিয়া মতে, লোক কেইজনৰ তাৎক্ষণিকভাৱে COVID-19ৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰো ব্যৱস্থা কৰা হৈছে ।

ডিব্ৰুগড়ত বহিঃৰাজ্যৰ পৰা অহা 4 গৰাকী লোক আক্ৰান্ত জ্বৰত

ইফালে জিলা প্ৰশাসন আৰু প্ৰকাশিত তালিকা অনুসৰি ৰাজধানী এক্সপ্ৰেছখনত সৰ্বমুঠ 442 গৰাকী ব্যক্তি ডিব্ৰুগড়ৰ ষ্টেচনটোত নামিব লাগিছিল যদিও, জিলা প্ৰশাসনৰ শেহতীয়া তথ্য অনুসৰি ৰে'লখনৰ পৰা মুঠ 261 জন লোক বানীপুৰ ষ্টেচনত অৱতৰণ কৰে । ইয়াৰ ভিতৰত 74 গৰাকী ডিব্ৰুগড়ৰ লোক । প্ৰাৰম্ভিক পৰ্যায়ৰ স্ক্ৰীনিঙৰ পিচতে নিজ নিজ জিলাৰ প্ৰশাসনিক দলৰ তত্বাৱধানত লোক সকলক বিশেষ বাছেৰে, নিজ জিলাৰ ইনষ্টলেশ্যন কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰা হয় । ডিব্ৰুগড়ৰ চাৰিজনক হাস্পতাল কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে, আন সকলক জিলাখনত স্থাপন কৰা সমূহীয়া কোৱাৰেণ্টাইন কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰে ।

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দিয়া মতে, বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন ব্যক্তিক প্ৰথমে স্ক্ৰীনিং কৰি, 14 দিনৰ বাবে ইনষ্টলেশ্যনেল কোৱাৰেণ্টাইন কৰাৰ পিচত পৰৱৰ্তী 14 দিন হোম কোৱাৰেণ্টাইন কৰা হ'ব । ইনষ্টলেশ্যনেল কোৱাৰেণ্টাইনৰ সময়ত যদি কাৰো দেহত কৰ'ণাৰ লক্ষণ পোৱা নাযায় তেতিয়াহে তেওঁলোকক 14 দিনৰ হোম কোৱাৰেণ্টাইন দিয়াৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়কঃলক্ ডাউনত উশাহ লৈছে প্ৰকৃতিয়ে

ABOUT THE AUTHOR

...view details