মৰাণ, 11 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত ৰাখিছে । আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে সেৱনকাৰী । আৰক্ষীৰ অভিযান অব্যাহত থকা পাছতো ড্ৰাগছৰ বেহা অব্যাহত আছে অসমৰ বিভিন্ন স্থানত । ড্ৰাগছ সহজলভ্য কৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে একাংশ অসাধু লোকে ।
মঙলবাৰে নাহৰকটীয়াৰ বিভিন্ন স্থানৰ পৰা ৪ জন ড্ৰাগছ সেৱনকাৰী যুৱকক কৰায়ত্ত কৰা হয় । চাচনী আমগুৰি গাঁওৰক্ষী বাহিনী, দলামূৰী গাঁওৰক্ষী বাহিনী আৰু আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীয়ে হাতে-লোটে কৰায়ত্ব কৰে ড্ৰাগছ সেৱনকাৰীকেইটাক । গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে, চাচনীৰ আমগুৰি গাঁৱৰ নিবাসী নগা শইকীয়াই বাসগৃহৰ পৰাই বিগত কেইদিনমান দিন ধৰি হেৰ'ইন আৰু ভাঙৰ ৰমৰমীয়া বেহা চলাই আছিল । সেই খবৰ লাভ কৰাৰ পাছতে মঙলবাৰে গাঁওৰক্ষী বাহিনীয়ে অভিযান চলায় ।