অসম

assam

ETV Bharat / state

খোৱাঙত পথ দুৰ্ঘটনা: ঘাইপথত আৱদ্ধ এম্বুলেন্সকে ধৰি অসংখ্য বাহন - 37 National high way blocked at Khowang

শুকুৰবাৰে খোৱাংস্থিত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা দ' খাৱৈত এখন তেলৰ টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল ৷ তেলৰ টেংকাৰখন উঠাবলৈ কৰা অভিযানৰ সময়চোৱাত ঘণ্টা ঘণ্টা আৱদ্ধ হৈ পৰে জৰুৰীকালীন সেৱা এম্বুলেন্সকে ধৰি সেই সময়ত ঘাইপথেৰে চলাচল কৰা সৰু বৰ বাহন সমূহ ৷

37 National high way blocked at Khowang due to an accident
খোৱাঙত পথ দুৰ্ঘটনা: ঘাইপথত আবদ্ধ এম্বুলেন্সকে ধৰি অসংখ্য বাহন

By

Published : Sep 19, 2020, 8:18 AM IST

খোৱাং, 19 ছেপ্তেম্বৰ: শুকুৰবাৰে খোৱাংস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা তীব্ৰ যান জঁটে জলা-কলা খোৱালে ৰাইজক । এখন দুৰ্ঘটনাগ্ৰস্ত তেলৰ টেংকাৰক উঠাবলৈ কৰা অভিযানৰ সময়চোৱাত ঘণ্টা ঘণ্টা আৱদ্ধ হৈ পৰে সেই সময়ত ঘাইপথেৰে চলাচল কৰা সৰু বৰ বাহন সমূহ ৷ বাছি নগ’ল জৰুৰীকালীন সেৱা এম্বুলেন্সৰ বাহনো ৷ অৱশ্যে প্ৰখৰ ৰ'দত গাড়ীৰ ভিতৰতে ৰোগীয়ে চটফটাই থকা কেইবাখনো এম্বুলেন্স স্থানীয় আৰক্ষীয়ে অন্য এটা পথেৰে মেডিকেল কলেজলৈ পঠিওৱাৰ ব্যৱস্থা কৰে যদিও বাকী যাত্ৰীবাহী বাহন সমূহ ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিব লগা হয় ঘাইপথৰ ওপৰতে ।

খোৱাঙত পথ দুৰ্ঘটনা: ঘাইপথত আবদ্ধ এম্বুলেন্সকে ধৰি অসংখ্য বাহন

উল্লেখ্য যে খোৱাংস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবেই একেখিনি স্থানতে প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা । কিন্তু ইয়াক লৈ গড়কাপ্তানী বিভাগকে ধৰি স্থানীয় প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এনে দৰেই মেৰামতিহীন ভাৱে পৰি ৰৈছে পথচোৱা ৷

লগতে পঢ়কঃদুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBAৰ সহ সচিব

ABOUT THE AUTHOR

...view details