মৰাণ, 30 এপ্ৰিল: লক-ডাউনৰ বাবে গুজৰাটৰ চুৰাটত আৱদ্ধ হৈ পৰিছে অসমৰ 35 জন শ্ৰমিক ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী আৰু শেনচোৱা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৩৫ জনীয়া যুৱকৰ দল এটা কৰ্মৰত আছিল চুৰাটৰ কাপোৰৰ মিলত ৷ কিন্তু লক-ডাউনৰ বাবে কৰ্মহীন হৈ পৰাত বৰ্তমান তীব্ৰ অৰ্থ আৰু খাদ্য সংকটতত ভুগিছে শ্ৰমিকৰ দলটো ৷ আনকি বিগত দুমাহে ঘৰ ভাৰা দিব নোৱাৰাত ঘৰৰ পৰা উলিয়াই দিয়া হয় শ্ৰমিক কেইজনক ৷ যাৰবাবে অসহায় হৈ কোম্পানীৰ চৌহদতে এসাঁজ খাই এসাঁজ লঘোণে থাকিব লগা হৈছে শ্ৰমিক কেইজন ৷
চুৰাটত আৱদ্ধ অসমৰ ৩৫ শ্ৰমিকঃ ভিডিঅ যোগে সহায় বিচাৰি আহ্বান চৰকাৰলৈ - গুজৰাটৰ চুৰাট
লক-ডাউনৰ বাবে কৰ্ম-সংস্থাপন হেৰুৱাই অসহায় হৈ পৰিছে অসমৰ 35 জন শ্ৰমিক ৷ চুৰাটৰ কাপোৰৰ উদ্যোগত কৰ্মৰত শ্ৰমিক কেইজনে বৰ্তমান অসম চৰকাৰৰ সহায় বিচাৰিছে ৷ তীব্ৰ খাদ্য সংকটে জুৰুলা কৰিছে শ্ৰমিক কেইজনক ৷
অভাৱনীয় পৰিস্থিতিত অসমৰ ৩৫ জন শ্ৰমিক
শেষত উপায়বিহীন হৈ যুৱক কেইজনে এক ভিডিঅ যোগে অসম চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ এইক্ষেত্ৰত যুৱককেইগৰাকীৰ পৰিয়ালৰ লোকেও তেওঁলোকক অসমলৈ উভতাই আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : কামৰূপত আৰ্থিক সাহায্য বিতৰণত অনিয়ম, নিলম্বন ২ সচিব