ডিব্ৰুগড়, 31 জুলাই : গুৱাহাটী আৰু যোৰহাটৰ পাচত ডিব্ৰুগৰতো ক’ভিড-19ক লৈ আৰম্ভ হৈছে গণ সংক্ৰমণ । বৃহস্পতিবাৰলৈকে জিলাখনত 1576 গৰাকী ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে। ইতিমধ্যে প্ৰায় 6 শতাধিক ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে জিলাখনত তিনিগৰাকী ৰোগীৰ মৃত্যু হৈছে ।
জিলাখনৰ সদৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থান, বাসগৃহ এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলাখনে । অসম চিকিৎসা মহাবিদ্যালয়, আন দুখন আদৰ্শ চিকিৎসালয়ৰ লগতে বহুকেইখন শিক্ষানুষ্ঠানত স্থাপন কৰা হৈছে ক’ভিড কেয়াৰ চেণ্টাৰ । 700 গৰাকী ৰোগী থাকিব পৰাকৈ জিলাখনত ক’ভিড কেয়াৰ চেণ্টাৰৰ ব্যৱস্থা আছে যদিও সম্প্ৰতি 1000ৰো অধিক ৰোগী ৰাখিবৰ বাবে লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত খনিকৰত 300 খন বিচনাযুক্ত এটা অস্থায়ী ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।
ডিব্ৰুগড়ত 300 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ডিব্ৰুগড় ভ্ৰমণৰ পাচতেই এই 300 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছিল ।সেইমৰ্মে ডিব্ৰুগড় জিলা প্ৰশাসনে খনিকৰত এই অস্থায়ী ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ কাম হাতত লয় । অহা 2 আগষ্টৰ পৰা এই কেন্দ্ৰটোত ৰোগীসকলক ৰাখিব পৰা যাব বুলি জিলা উপায়ুক্ত পল্লৱ গোপালা ঝাই জানিবলৈ দিয়ে । দিনে-ৰাতিয়ে যুদ্ধকালীন তৎপতাৰে দুটা বৃহৎ মণ্ডপেৰে নিৰ্মাণ কৰি থকা হৈছে এই কেন্দ্ৰটো । আনহাতে, শেহতীয়াকৈ ডিব্ৰুগড়ত বিশেষকৈ চহৰ অঞ্চলত ক’ভিড টেষ্টিং কেন্দ্ৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে ৷
বুধবাৰে জিলা প্ৰশাসনে মুঠ 29 টা টেষ্টিং চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে । জিলা উপায়ুক্তগৰাকীয়ে নিৰ্মীয়মান অৱস্থাত থকা ক’ভিড কেয়াৰ কেন্দ্ৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ লগতে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাইও এই নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কৰে ।
ডিব্ৰুগড়ত 300 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, ‘‘ডাঙৰ চেণ্টাৰত কম সংখ্যক চিকিৎসকৰ দলেও চিকিৎসা প্ৰদান কৰিব পাৰে, কিন্তু সৰু সৰু চেণ্টাৰ থাকিলে অধিক সংখ্যক চিকিৎসকৰো প্ৰয়োজন । কেয়াৰ কেন্দ্ৰ বৃদ্ধি হোৱা মানেই আমাৰ চিকিৎসাত যথেষ্ট সহায়ক হ’ব । ক’ভিড কেয়াৰ চেণ্টাৰ কাৰ্যক্ষম হৈ উঠিলে আমি অধিক সক্ৰিয়ভাৱে স্বাস্থ্য পৰীক্ষা কৰি সকলোৰে কেয়াৰ ল'বলৈ সক্ষম হ’ম। চহৰখনত অত্যাধিক হাৰত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতে বিশেষকৈ দুলীয়াজান, নাহৰকটীয়া, নামৰূপ আদি ঠাইসমূহত চোকা দৃষ্টি ৰখা হৈছে’’ ৷
লগতে পঢ়ক : ভয়ংকৰ সংক্ৰমণ : ৰাজ্যত পুনৰ 2112 গৰাকীকৈ লোক ক’ভিড পজিটিভ