ডিব্ৰুগড়, 26 জানুৱাৰীঃ বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওতেই ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হয় আন এক অঘটন ৷ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি ৷ যুৱক তিনিজনৰ নাম ক্ৰমে সঞ্জয় বৰ্মন, ৰৌচন তামাঙ আৰু ৰাজীৱ দুৱৰা বুলি জানিব পৰা গৈছে ৷ ডিব্ৰুগড়ৰ মাইজানৰ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত তিনি যুৱকে গা ধুবলৈ নামে ৷ পানীৰ গভীৰতা উমান নাপাই এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ স্থানীয় লোকে দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ প্ৰথমাৱস্থাত আন এজন যুৱকৰ কোনো সন্ধান পোৱা নাছিল যদিও দুবাৰুৰ দলে সন্ধান চলাই আনজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ যুৱক তিনিজন অসম চিকিৎসা মহাবিদ্যালৰ সমীপৰ বুলি জানিব পৰা গৈছে ৷
ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি
বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওতেই গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ত আন এক অঘটন ৷ ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি ৷
বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি