অসম

assam

ETV Bharat / state

পূৰ্ৱৰ গৰিমাৰেই গৰিমামণ্ডিত ছল্টব্ৰুক একাডেমী - science stream

ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীত উখল-মাখল পৰিৱেশ ৷ বিজ্ঞান শাখাত তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে জিলিকিছে জুনিয়ৰ কলেজখন ৷

সফলতাৰ ধাৰা অক্ষুণ্ণ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ

By

Published : May 25, 2019, 7:07 PM IST

ডিব্ৰুগড়, 25 মে' : পূৰ্বৰ দৰে এইবেলিও তিনিগৰাকীকৈ কৃৰ্তিমানে ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে পুনৰ উজ্বলিছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিজ্ঞান শাখাত জুনিয়ৰ কলেজখনৰ দ্বিপ্তদীপ ভট্টাচাৰ্য্যই চতুৰ্থ স্থান, তন্নয়ী হাজৰিকাই ষষ্ঠ স্থান আৰু তিতিক্ষা নাথে দশম স্থান লাভ কৰি কলেজখনলৈ কঢ়িয়াই আনিছে সুনাম ৷ ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ সাফল্যত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী উৎফুল্লিত হৈ পৰাৰ লগতে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে কলেজখনত ৷

সফলতাৰ ধাৰা অক্ষুণ্ণ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ
কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিজৰ একাগ্ৰতাৰে অধ্যয়ন কৰি চতুৰ্থ স্থান অৰ্জন কৰা ডিব্ৰুগড়ৰ দ্বিপ্তদীপ ভট্টাচাৰ্যই ফলাফল লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰা লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক-শুভাকাংক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে । লগতে ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱাৰ আশা পুহি ৰাখিছে দ্বিপ্তদীপে ৷ আনহাতে কলেজখনৰ পৰা ষষ্ঠ স্থান লাভ কৰা নামৰূপৰ তন্নয়ী হাজৰিকাৰো সপোন এগৰাকী সফল চিকিৎসক হোৱা ৷ ষষ্ঠ স্থানপ্ৰাপ্ত তন্নয়ীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত লাভ কৰিছিল দ্বিতীয় স্থান ৷

উল্লেখ্য যে, প্ৰতিষ্ঠা কালৰ পৰা ডিব্ৰুগড়ৰ ছল্টব্ৰুক ব্ৰুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে উৰুৱাই আহিছে সাফল্যৰ ধ্বজা আৰু কলেজখনৰ এই সাফল্যৰ আৰৰ ব্যক্তি জনেই হ'ল কলেজখনৰ সঞ্চালক অশ্বীনি দুৱাৰা ।

ABOUT THE AUTHOR

...view details