অসম

assam

By

Published : Nov 26, 2019, 5:55 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত আৱৰ্জনাৰ মাজত উদ্ধাৰ তিনিটা নৱজাতকৰ মৃতদেহ

অবৈধ পিতৃ অথবা মাতৃত্বৰ বোজা লুকাবলৈয়ে কোনো লোকে এনেদৰে নৱজাতকৰ মৃতদেহ সমূহ পেলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ডিব্ৰুগড়ত পুনৰ লজ্জাজনক ঘটনা
ডিব্ৰুগড়ত পুনৰ লজ্জাজনক ঘটনা, আৱৰ্জনাত তিনিটা নৱজাতকৰ মৃতদেহ

ডিব্ৰুগড়, 26 নৱেম্বৰ:ডিব্ৰুগড়ত পুনৰ মানৱ সমাজক লজ্জাজনত কৰা ঘটনা ৷ এটি দুটি নহয় এইবাৰ তিনিটাকৈ সদ্যজাতক পেলাই যোৱা হ'ল আৱৰ্জনাৰ মাজত ৷ উজনিৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়তেই এই জঘন্য, অৱৰ্ণনীয় ঘটনা ।

মঙলবাৰে পুৱাই চহৰৰ সেউজপুৰ তিনিআলিৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী নতুনকৈ মুকলি কৰা পথৰ কাষত পেলাই থোৱা তিনিটাকৈ সদ্যজাতকৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰে পদপথৰ স্থানীয় লোকে । ইয়াৰে এটি নৱজাতকৰ মৃতদেহ কুকুৰ কাউৰীয়ে ভক্ষণ কৰাত ক্ষত-বিক্ষত হৈ পৰে । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত মৃতদেহ কেইটা উদ্ধাৰ কৰি সেই স্থানৰ পৰা লৈ যায় ৷

আৱৰ্জনাত উদ্ধাৰ তিনিটা নৱজাতকৰ মৃতদেহ

অবৈধ পিতৃ অথবা মাতৃত্বৰ বোজা লুকাবলৈয়ে কোনো লোকে এনেদৰে নৱজাতকৰ মৃতদেহ সমূহ পেলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details