অসম

assam

মৰাণত 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'দ্বিতীয় মৰাণ গ্ৰন্থমেলা'

By

Published : Jan 5, 2020, 10:10 AM IST

শনিবাৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণস্থিত গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ প্ৰাংগণত সাহিত্যাচাৰ্য ড৹ নাহেন্দ্ৰ পাদুনে 'দ্বিতীয় মৰাণ গ্ৰন্থমেলাৰ' উদ্বোধন কৰে ৷ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ কয় যে আজিৰ দিনত এখন গ্ৰন্থ প্ৰচাৰ হোৱা তুলনাত মৌলিকাতা নেথাকে । সাধাৰণতে সাহিত্য অকাডেমীকে আদি কৰি যিবিলাক অনুষ্ঠান বা সাহিত্যানুষ্ঠানে বঁটা অৰ্ঠাৎ সাহিত্য পুৰস্কাৰ প্ৰদান কৰে তেওঁলোকে কেঁৱল কবিতা, গল্প বা উপন্যাসৰ লেখককে নিৰ্বাচিত কৰে, কোনোদিন গৱেষণা গ্ৰন্থৰ লেখকক নিৰ্বাচিত নকৰে ৷ কিন্তু গৱেষণামূলক গ্ৰন্থ এখনৰ মূল্য কবিতা বা গল্পৰ গ্ৰন্থতকৈ বহুত বেছি বুলি তেওঁ অনুভৱ কৰে ৷ গতিকে কেৱল কবিতা, গল্পৰ লেখককে নহয় গৱেষণা গ্ৰন্থৰ লেখককো পুৰস্কৃত কৰা উচিত ৷

Moran
মৰাণ

মৰাণ, 5 জানুৱাৰীঃজনসাধাৰণৰ মাজত বৌদ্ধিক বিকাশৰ লক্ষ্যৰে 4 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে মৰাণত অনুষ্ঠিত কৰা হৈছে 'দ্বিতীয় মৰাণ গ্ৰন্থমেলা' ৷ মৰাণৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'সৃজন'ৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত এই গ্ৰন্থমেলা আয়োজন কৰা হয় ৷ সাহিত্যাচাৰ্য ড৹ নাহেন্দ্ৰ পাদুনে এই গ্ৰন্থমেলাৰ উদ্বোধন কৰে ৷

শনিবাৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণস্থিত গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ প্ৰাংগণত এই দ্বিতীয় মৰাণ গ্ৰন্থমেলা অনুষ্ঠিত হয় ৷ 8 দিনীয়া দ্বিতীয় মৰাণ গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা গ্ৰন্থমেলাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাচতে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা সাহিত্যাচাৰ্য ড৹ নাহেন্দ্ৰ পাদুনে গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লোকসংস্কতিৰ গৱেষক ড৹ অনিল শইকীয়া আৰু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ গগৈ ৷

মৰাণত অনুষ্ঠিত 'দ্বিতীয় মৰাণ গ্ৰন্থমেলা'

বিয়লি স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থসমূহ উন্মোচনী সভাত, বিশিষ্ট নিবন্ধকাৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ সত্যকাম বৰঠাকুৰ আৰু বিশিষ্ট কবি তথা চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড৹ ৰঘুনাথ কাগয়ুঙে স্মৃতিগ্ৰন্থ 'সৃজন সুৱাহ' আৰু ধেমাজি জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া আৰ বিদ্যালয় সমূহৰ পাৰদৰ্শিতাৰ বিষয়ে লিখা কবুতা ডেকাৰ 'আশাৰ বুটা বছা কথাবোৰ' শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰে ৷ আনহাতে ৰাজ্যৰ পৰিস্থিতি সাপেক্ষে গ্ৰন্থমেলাখনত পাঠকৰ সংখ্যা তেনেই নগণ্য হোৱা পৰিলক্ষিত হয় ৷ এনেধৰণৰ পাঠকৰ অনুপস্থিতিয়ে মৰাণ গ্ৰন্থমেলাত ভৱিষ্যতে প্ৰকাশন প্ৰতিষ্ঠানৰ যোগদানৰ বিষয়টো চিন্তনীয় বিষয়ৰূপে সচেতন মহলৰ মনত চৰ্চিত হৈছে ৷ ইপিনে দ্বিতীয় দিনা অৰ্থাৎ 5 জানুৱাৰীত মৰাণ মহিলা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা জয়শ্ৰী ফুকনে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত প্ৰাইজমানি মুকলি কুইজ প্ৰতিযোগিতা আৰু বিয়লি মৰাণ আঞ্চলিক আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা উদ্বোধন কৰিব ৷

লগতে পঢ়ক - দৈজিং মহোৎসৱৰ মনোমোহা পৰিৱেশত অনুষ্ঠান পৰিৱেশন বলীউডৰ শিল্পীৰ

ABOUT THE AUTHOR

...view details