অসম

assam

ETV Bharat / state

'ৰাইজৰ দল'ৰ ৰাজ্যিক অভিৱৰ্তনৰ আজি দ্বিতীয়টো দিন - প্ৰতিদিধি সভা

কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলত অংশগ্ৰহণ কৰিব বুলি অসমৰ ৰাইজৰ লগতে ৰাইজৰ দলৰ কৰ্মী সকলে আশা কৰিছিল যদিও সেই আশাই বাস্তৱ ৰূপ নাপালে । জাতীয় স্বাৰ্থ, এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি অভিৱৰ্তনৰ দ্বিতীয় দিনা সামূহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ হয় ।

bসুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে 'ৰাইজৰ দল'ৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয়টো দিন
সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে 'ৰাইজৰ দল'ৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয়টো দিন

By

Published : Jan 8, 2021, 10:10 PM IST

মৰাণ,8 জানুৱাৰীঃ ৰাষ্ট্ৰীয়তাবাদ ওফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিগত বৰ্ষৰ শেষৰফালে জন্মলাভ কৰা ৰাইজৰ দলে প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন মৰাণত অনুষ্ঠিত কৰিলে । ৰাইজৰ বহু আশা-প্ৰত্যাশাক সাক্ষী কৰি শুকুৰবাৰে অভিৱৰ্তনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সূচাৰুৰূপে পৰিচালিত হৈছে । ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই অভিৱৰ্তনৰ দ্বিতীয় দিনাও ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৰাইজে আহি অভিৱৰ্তনত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷

সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে 'ৰাইজৰ দল'ৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয়টো দিন

ইপিনে কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলত অংশগ্ৰহণ কৰিব বুলি অসমৰ ৰাইজৰ লগতে ৰাইজৰ দলৰ কৰ্মীসকলে আশা কৰিছিল যদিও সেই আশাই বাস্তৱ ৰূপ নাপালে । জাতীয় স্বাৰ্থ, এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি অভিৱৰ্তনৰ দ্বিতীয় দিনা সামূহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ হয় । তাৰ পাছতে অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবে অনুষ্ঠিত হয় সভা । সংগীত শিল্পী মানস ৰবীনৰ পৰা আৰম্ভ কৰি বহু কেইটা জাতীয় সংগঠনৰ নেতা, শিক্ষাবিদ, বুদ্ধিজীৱীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ ভবিষ্যত কৰ্মপন্ঠা সমন্ধে আলোচনা কৰে ।

উক্ত সভাতে বিশ্বাসঘাতক, সাম্প্ৰদায়িক, জাতিৰ অস্তিত্ব বুজি নোপোৱা, জাতিৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা চৰকাৰক ওফৰাই এক সুস্থ আঞ্চলিকতাবাদী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে সংকল্প লয় । তাৰ পাছতে অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা । এই সভাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি খন চূড়ান্ত হ'ব বুলি জানিব পৰা গৈছে । অভিৱৰ্তনৰ দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ আগমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে বিজেপি চৰকাৰৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়কঃ অসমৰ জাতীয়তাবাদ আজি সংকটৰ গৰাহত : লুৰীণ

ABOUT THE AUTHOR

...view details