অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ (20th convocation of Dibrugarh University)। সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীৰ । সমাৰোহ অনুষ্ঠানত মুঠ ২৯,৫২৬ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয় ।

Dibrugarh
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন

By

Published : Jun 28, 2022, 6:19 PM IST

ডিব্ৰুগড়, ২৮ জুন :ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় ২০ সংখ্যক দীক্ষান্ত সমাৰোহ অনুষ্ঠান (20th convocation of Dibrugarh University)। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ডিগ্ৰীসমূহ প্ৰদান কৰে । এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে যোৰহাটস্থিত CSIR-NEISTৰ সঞ্চালক ড° জি নৰহৰি শাস্ত্ৰীয়ে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন

এই অনুষ্ঠানতে অসমৰ বিদ্যায়তনিক আৰু সংগীত জগতৰ অন্যতম পুৰোধা ব্যক্তি ড° লক্ষ্যহীৰা দাস আৰু লাহোৱালস্থিত ICMR- RMRCৰ প্ৰাক্তন সঞ্চালক বিশিষ্ট বিজ্ঞানী ড° জগদীশ মহন্তক ক্ৰমে কলা আৰু বিজ্ঞান শিতানত সন্মানীয় ডি.লিট ডিগ্ৰী আৰু ডি.এচ.চি. ডিগ্ৰী প্ৰদান কৰা হয় ।

উল্লেখ্য যে এইবাৰৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত মুঠ ২৯,৫২৬ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয় । ইয়াৰে ১৮৮ গৰাকীক PhD, ১৭২ গৰাকীক M.Phil, ৩,৭৭৯ গৰাকীক স্নাতকোত্তৰ আৰু ২৫,৩৮৭ গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় ।

লগতে পঢ়ক :উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকিল গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details