অসম

assam

টিংখাঙত চাওলুং চুকাফা দিৱসৰ লাইখুটা স্থাপন

By

Published : Nov 15, 2019, 12:08 PM IST

চলিত বৰ্ষৰ ২ ডিচেম্বৰত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হ'ব বুলি জনাইছে উদযাপন সমিতিয়ে ৷

২ ডিচেম্বৰত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস,প্ৰস্তুতি তুংগত


টিংখাং, নৱেম্বৰঃ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাঙত অনুষ্ঠিত হ'ব ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মৰাণ মহকুমা সমিতিৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ'ব চুকাফা দিৱস ৷

চলিত বৰ্ষৰ ২ ডিচেম্বৰত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহন কৰিব ৰাজ্যৰ স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰাটো নিশ্চিত বুলি সদৰি কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে । বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা চুকাফা দিৱসৰ প্ৰস্তুতি দ্ৰুত গতিত অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে । আহোম পৰম্পৰা তথা সম্পূৰ্ণ নীতি নিয়মেৰে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত ইতিমধ্যে স্থাপন কৰা হৈছে লাইখুটা । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰাৰ কথা অৱগত কৰে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ৷ তাৰোপৰি নিশা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় গায়ক কুসুম কৈলাশ, নীল আকাশৰ লগতে জনপ্ৰিয় কৌতুক অভিনেতা সিদ্ধাৰ্থ শৰ্মা উপস্থিত থাকিব বুলি জনাইছে উদ্যোগক্তা সকলে ৷

২ ডিচেম্বৰত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস,প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details