মৰাণ, 7 জানুৱাৰী :মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন । আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বোলছবি পৰিচালক জাহ্নু বৰুৱাই উত্তোলন কৰিলে পতাকা । ইয়াৰ পাচতেই শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে ৰাইজৰ দলৰ নেত-কৰ্মী সকলে ৷ ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন পতাকা উত্তোলনৰ পাচতে তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অভিৱৰ্তনখন ।
পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন - জাহ্নু বৰুৱা
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ৷ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন ৷ বোলছবি পৰিচালক জাহ্নু বৰুৱাই উত্তোলন কৰিলে পতাকা ৷
![পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন Raijor Dol](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10149579-thumbnail-3x2-hhfg.jpg)
পতাকা উত্তলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন
পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন
ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা এই অভিৱৰ্তনৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিৰ লগতে আহ্বায়ক সকল আহি উপস্থিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ৰাইজে ইয়াত অংশ লৈ অভিৱৰ্তন সফল কৰি তুলিব বুলি ৰাইজৰ দলৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :জামিন নাপালে অখিল গগৈয়ে
Last Updated : Jan 7, 2021, 12:26 PM IST