অসম

assam

By

Published : Sep 11, 2021, 4:10 PM IST

ETV Bharat / state

নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চেলেংচুক

নাহৰকটীয়াৰ চেলেংচুক গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নেমু ৰপ্তানি কৰাৰ উদ্দেশ্যেৰে নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ'ল চেলেংচুক । নেমু উৎপাদনকাৰী আদৰ্শ গাঁওখন আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । উপায়ুক্তগৰাকীয়ে গাঁওখনত নেমু গছৰ পুলিও ৰোপণ কৰে ।

1st model village for growing Lemon
নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চেলেংচুক

মৰাণ, ১১ ছেপ্টেম্বৰ: অসমৰ প্ৰথমখন নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চাচনীৰ চেলেংচুক গাঁও । সুদূৰ ভৱিষ্যতে এই গাঁওখনৰ নেমু ৰপ্তানি হ'ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ । শুকুৰবাৰে নেমু উৎপাদনকাৰী আদৰ্শ গাঁওখন আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । গাঁওখনৰ অগ্ৰণী মহিলা জানমণি গগৈৰ প্ৰচেষ্টাত আয়োজিত শুকুৰবাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু নাহৰকটীয়া কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা আদৰ্শ গাঁওখনত উপায়ুক্তগৰাকীয়ে নেমু গছৰ এটি পুলিও ৰোপণ কৰে । ইয়াৰ লগে লগে লগে গাঁওখনক নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিয়া হয় । চেলেংচুক গাঁৱৰ মহিলাসকলে নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সংকল্প লৈছে । লগতে এই গাঁওখনৰ পৰা উৎপাদিত নেমুৱে ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব বুলি গাঁওবাসীয়ে আশা কৰিছে ।

নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চেলেংচুক

আনহাতে, নেমু খেতিৰ বাবে চেলেংচুক গাঁওত যথেষ্ট থল থকাৰ বাবে গাঁওখনৰ ৬টা আত্মসহায়ক গোটক উৎকৃষ্ট মানৰ নেমু উৎপাদন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিত্তীয় সাহয্য প্ৰদান কৰি প্ৰায় ২০০০ নেমু পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।শুকুৰবাৰৰ অনুষ্ঠানটোত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, সহকাৰী উন্নয়ন আয়ুক্ত হেমা নায়ক, জিলা কৃষি বিষয়া সূৰ্য কুমাৰ শ্যাম, ডিব্ৰুগড় মহকুমা কৃষি বিষয়া জ্যোতিময় ফুকন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া গণেশ পশুচুঙী, জয়পুৰ কৃষি উন্নয়ন বিষয়া জয়ন্তী ভূঞা বৰা, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰণজিৎ বুঢ়াগোহাঁই উপস্থিত থাকি নেমু পুলি ৰোপণ কৰাৰ লগতে গাঁওবাসীৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয় ।

লগতে পঢ়ক:বিশাল চৌধুৰীৰ এনকাউণ্টাৰ : আদালতত গোচৰ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details