অসম

assam

ETV Bharat / state

Jyotishman-Akhoj Agoloi : মৰাণত আয়োজন জ্যোতিষ্মান-এখোজ আগলৈ গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন

মৰাণত অনুষ্ঠিত হ’ল ‘‘জ্যোতিষ্মান এখোজ আগলৈ’’ গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন (1st Conference of Jyotishman-Akhoj Agoloi held at Moran) ৷ মৰাণৰ টাই অধ্যয়ন আৰু গবেষণা প্ৰতিষ্ঠানত 13 নৱেম্বৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অধিৱেশনখনত মুখ্য উপদেষ্টা হিচাবে উপস্থিত থাকে মিতালী বৰ শইকীয়া ৷

Jyotishman Akhoj Agoloi
মৰাণত আয়োজন জ্যোতিষ্মান এখোজ আগলৈ গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন

By

Published : Nov 15, 2022, 8:55 PM IST

মৰাণ, 15 নৱেম্বৰ : ডিজিটেল মাধ্যমৰ তীব্ৰ আগ্ৰাসনৰ এই আধুনিক সময়ত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ গুণগত মানদণ্ড সঠিক আৰু শক্তিশালী কৰি ৰখাৰ লক্ষ্যৰে স্থাপিত ‘‘জ্যোতিষ্মান-এখোজ আগলৈ’’ গোটৰ বাৰ্ষিক অধিৱেশনখন সফলতাৰে সম্পন্ন হয় ।

মৰাণৰ টাই অধ্যয়ন আৰু গবেষণা প্ৰতিষ্ঠানত 13 নৱেম্বৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনখনৰ আয়োজন কৰা হয় (1st Conference of Jyotishman Akhoj Agoloi held at Moran) । এই অধিৱেশনখনত মুখ্য উপদেষ্টা হিচাবে উপস্থিত থাকে মিতালী বৰ শইকীয়া ৷ মুখ্য উপদেষ্টা মিতালী বৰ শইকীয়াই পতাকা উত্তোলন কৰা সভাখনত সভানেত্ৰী মণিজ্যোতি বৰগোহাঁয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷

উল্লেখ্য যে, এই সভাখনত বহু গণ্য মান্য কবি তথা সাহিত্যিক উপস্থিত থাকে । বিশিষ্ট কবি প্ৰণৱ বৰ্মণ, ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰ মুকুট শৰ্মা, বুৰঞ্জীবিদ তথা টাই ভাষাৰ গবেষক ড৹ গিৰীণ ফুকন, বিশিষ্ট কবি তথা আবৃত্তিকাৰ জুলিয়ানা বেগমে উক্ত সভাত তেওঁলোকৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰে ।

মৰাণত আয়োজন জ্যোতিষ্মান এখোজ আগলৈ গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন

লগতে পঢ়ক :Journalists Responsibility : সংবাদিকসকল শান্তিৰ দূত নে কেৱল বাৰ্তাবাহক ?

সাহিত্য চৰ্চাৰ সমান্তৰালকৈ সমাজ সেৱাধৰ্মী কাম-কাজেৰে সমাজত এক অনুপ্ৰেৰণামূলক পৰিৱেশ গঢ়াত ব্ৰতী ‘‘জ্যোতিষ্মান এখোজ আগলৈ’’ গোটৰ তৰফৰ পৰা জ্যেষ্ঠ উপদেষ্টা মিতালী বৰ শইকীয়ালৈ ‘‘জ্যোতিষ্মান সাহিত্য সৌৰভ সন্মান’’, সদানন্দ গগৈলৈ ‘‘জ্যোতিষ্মান সৌৰভ সন্মান’’ আৰু চাণক্য ছিৰাং দেৱলৈ ‘‘জ্যোতিষ্মান অনুবাদকাৰ সন্মান’’ আগবঢ়োৱা হয় ।

উক্ত অনুষ্ঠানত ‘জ্যোতিষ্মান’ শীৰ্ষক মুখপত্ৰ উন্মোচন কৰে মুকুট শৰ্মাই । মণিজ্যোতি বৰগোহাঁইৰ কবিতা পুথি ‘কৌমুদী’ আৰু যোগেশ নাথৰ গীতৰ কৰণি ‘‘কোনে বা বজায় বীণ’’ উন্মোচন কৰে ক্ৰমে জুলিয়ানা বেগম আৰু ড৹ গিৰীণ ফুকনে ।

কবিতা পাঠ, গীত-মাত তথা অন্তৰংগ আলাপেৰে সভাখন জীপাল কৰি তোলাৰ বাবে জ্যোতিষ্মানৰ সভানেত্ৰী মণিজ্যোতি বৰগোহাঁই আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদিকা ৰুমী দত্তই উপস্থিত সকলো সাহিত্যনুৰাগীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :CM attends Howly Raas: উত্তৰ অসমৰ জীৱন্ত ৰাসক লৈ নামনিত মুখ্যমন্ত্ৰীৰ পৰিকল্পনা

ABOUT THE AUTHOR

...view details