অসম

assam

By

Published : Jan 4, 2021, 7:56 PM IST

ETV Bharat / state

এটা বৰ্ষ অতিক্ৰম কৰিলে মৰাণৰ এল.এল ডান্স ষ্টুডিঅ'ই

মৰাণ-নাহৰকটীয়া বাছ আস্থানৰ সমীপস্থিত এল.এল ডান্স ষ্টুডিঅ'ৰ এবছৰীয়া বৰ্ষপুৰ্তি উদযাপন কৰিলে কলা-কুশলী সকলে ৷ অনুষ্ঠানত কণ্ঠশিল্পী কুসুম কৈলাশকে ধৰি উপস্থিত থাতে বহু কেইগৰাকী ব্যক্তি ৷

এটা বৰ্ষ অতিক্ৰম কৰিলে মৰাণৰ এল.এল ডান্স ষ্টুডিঅ'ই
এটা বৰ্ষ অতিক্ৰম কৰিলে মৰাণৰ এল.এল ডান্স ষ্টুডিঅ'ই

মৰাণ, 4 জানুৱাৰী:মৰাণ-নাহৰকটীয়া বাছ আস্থানৰ সমীপস্থিত এল.এল ডান্স ষ্টুডিঅ'ই অতিক্ৰম কৰিলে এটা বৰ্ষ ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থী সকলে দেওবাৰে উদযাপন কৰিলে অনুষ্ঠানটোৰ প্ৰথম বৰ্ষপুৰ্তি ৷ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ উপস্থিত থাকি ডান্স ষ্টুডিঅ'ৰ সকলো লোককে শুভেচ্ছা জ্ঞাপন কৰে ৷

এটা বৰ্ষ অতিক্ৰম কৰিলে মৰাণৰ এল.এল ডান্স ষ্টুডিঅ'ই

কণ্ঠশিল্পী গৰাকীয়ে কয়, বৰ্তমান সময়ত উজনি অসমত নৃত্যৰ স্বীকৃতি নাই যদিও এল.এল ডান্স গ্ৰুপে যি প্ৰয়াস হাতত লৈছে সঁচাই প্ৰশংসনীয় ৷ যিয়ে মৰাণ আৰু মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলত নৃত্যশিল্পী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় কৰিছে ৷ বৰ্ষপুৰ্তি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক কৰুণা ফুকন, ৰাজু মিশ্ৰ, সমাজসেৱক অসীম বৰুৱা, কুসুম কৈলাশৰ পত্নী ডেইজী কৈলাশ মহন ৷

লগতে পঢ়ক:বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ABOUT THE AUTHOR

...view details