মৰাণ, 15 ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেপন চাহ বাগিচাৰ কৰমা ভৱনত সোমবাৰে অনুষ্ঠিত হয় চাহ মৰ্চাৰ কাৰ্য্যকৰ্তা সন্মিলন ৷ এই উপলক্ষে সভাত মৰাণ সমষ্টিৰ অন্তৰ্গত 18 খন চাহ বাগিচাৰ আটাইতকৈ সৰ্ব্বাধিক চাহপাত চিঙা 18 গৰাকী মহিলা শ্ৰমিকক প্ৰথমবাৰৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয় ৷
চাহ শ্ৰমিক সকলক উৎসাহ দিয়াৰ উদ্দেশ্যে দিয়া এই পুৰস্কাৰত আছিল এখন মান প্ৰত্ৰ, ফুলাম গামোছা আৰু সঁফুৰা । মহিলা শ্ৰমিকক প্ৰথমবাৰৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰিলে বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতিৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে।