মৰাণ, ১৫ নৱেম্বৰ :আজি জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী (147th birth anniversary of Birsa Munda) । সমগ্ৰ দেশতে আজি বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী 'জনজাতীয় গৌৰৱ দিৱস' হিচাবে পালন কৰা হৈছে (freedom Martyr Birsa Munda) । অসমতো পালন কৰা হৈছে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী ।
আজি মৰাণতো জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হয় (Birsa Munda birth anniversary at Moran) । মৰাণৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত বিশাল অনুষ্ঠানটোত হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ মন মুহিবলৈ সক্ষম হয় ।
অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই জন্ম জয়ন্তী অনুষ্ঠান । উল্লেখ্য, কেইবাটাও কাৰ্যসূচীৰে সোমবাৰৰ পৰা অনুষ্ঠিত মুণ্ডা মহাসভাৰ সপ্তম পঞ্চবাৰ্ষিক অধিবেশনৰ (seventh annual session of Munda Mahasabha) মঙলবাৰে পুৱাৰ ভাগত সামুহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ হয় ।
ইয়াৰ পিছতে বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, মুণ্ডা মহাসভাৰ প্ৰয়াত কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় (Munda Mahasabha annual session at Moran)। এই সাংস্কৃতিক শোভাযাত্ৰাত চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় । ইফালে ইয়াৰ পিছতে অনুষ্ঠিত মুকলিসভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ আগবঢ়ায় ।