অসম

assam

ETV Bharat / state

12th Dibrugarh Book Fair : আজিৰে পৰা ডিব্ৰুগড়ত দ্বাদশ গ্ৰন্থমেলা - ডিব্ৰুগড় গ্ৰন্থমেলা

আজিৰে পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা (12th Dibrugarh Book Fair) । মিলনজ্যোতি সংঘৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত ১২ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই গ্ৰন্থমেলা ৷

Dibrugarh Book Fair
আজিৰে পৰা ডিব্ৰুগড়ত দ্বাদশ গ্ৰন্থমেলা

By

Published : Nov 26, 2021, 2:14 PM IST

ডিব্ৰুগড়, 26 নৱেম্বৰ : 26 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা (12th Dibrugarh Book Fair) । ডিব্ৰুগড়ৰ অন্যতম সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান মিলনজ্যোতি সংঘৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত ১২ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা গ্ৰন্থমেলাখনলৈ (Dibrugarh Book Fair) ডিব্ৰুগড়ৰৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ পৰা গ্ৰন্থপ্ৰেমীৰ সোঁত ব'ব বুলি আশা কৰা হৈছে ৷

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা আৰম্ভ হ'বলগীয়া দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা উদ্বোধন কৰিব প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই । এই উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

গ্ৰন্থমেলাখনত স্থানীয় গ্ৰন্থ বিপনীসমূহৰ লগতে প্ৰায় ৫০ খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকাই ৷ উল্লেখ্য যে, এই দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাতে (12th Dibrugarh Book Fair) অসমৰ সাহিত্য জগতৰ মহীৰূহ ড৹ নগেন শইকীয়াক আনুষ্ঠানিকভাৱে সাহিত্য শিৰোমণি বঁটা (Sahitya Shiromoni Award) প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক:নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা

ABOUT THE AUTHOR

...view details