মৰাণ, 18 মে’:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাটো ক্ৰমাৎ ক'ভিডে ভয়ানক ৰূপ লৈছে । ইতিমধ্যে ডিব্ৰুগড়ত বহু কেইখন ক'ভিড চিকিৎসালয় ৰোগীৰে ভৰ্তি হৈ পৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নতুন ক'ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে ১২৫ খন বিচনাৰে ডিব্ৰুগড়ৰ ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত এটা ক'ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ বাবে তৎপৰতা অৱলম্বন কৰিছে ।
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ডন্ বস্ক হায়াৰ চেকেণ্ডাৰী স্কুলত স্থাপন কৰিবলগীয়া ক'ভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয় । উক্ত ক'ভিড কেয়াৰ চেন্টাৰটোত ১২৫ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । ডন্ বস্ক হায়াৰ চেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই দ্বিতীয় বাৰৰ বাবে ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা স্কুল কৰ্তৃপক্ষক ধন্যবাদ জনায় ।