অসম

assam

ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগ অপৰাধত 12 খন ট্ৰেভেলাৰ জব্দ

By

Published : Jun 18, 2021, 10:06 PM IST

আন্তঃজিলাৰ যাতায়ত বন্ধ হৈ থকাৰ পাচতো ডিব্ৰুগড় জিলাৰ পৰা অন্য জিলালৈ অব্যাহত আছে যাত্ৰীবাহী বাহনৰ চলাচল ৷ প্ৰশাসনৰ নিৰ্দেশনা ভংগ কৰাৰ অপৰাধত শুকুৰবাৰে 12 খন ট্ৰেভেলাৰ জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷

administration guidelines in dibrugarh
ডিব্ৰুগড় অব্যাহত আছে আন্তঃজিলাৰ যাতায়ত

ডিব্ৰুগড়, 18 জুন :ডিব্ৰুগড় জিলাত আংশিক ল'কডাউন বাহাল আছে যদিও বৰ্তমান জিলাখনৰ অন্য জিলা লৈ চলি আচে যাত্ৰীবাহী বাহন ৷ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ওপৰত ভিত্তি কৰি ডিব্ৰুগড় জিলাত অন্য জিলাৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ কিন্তু ইয়াৰ পাচতো জিলাখনত শুকুৰবাৰৰ দিনটোত ডিব্ৰুগড় চহৰৰ পৰা অন্য জিলা লৈ যাত্ৰীবাহী বাহনৰ চলাচল কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে আন্তঃজিলাৰ যাতায়ত বন্ধ হৈ থকা পাচতো জিলাখনৰ একাংশ ট্ৰেভেলা চালকে প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই যাতায়ত অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে প্ৰশাসনৰ নিদেৰ্শনাৰ ভংগ কৰা অপৰাধত এতিয়ালৈকে 12 খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ তদুপৰি ডিব্ৰুগড় আৰক্ষীয়ে কুৰিৰো অধিক বাহনত জৰিমনা বিহিছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সুত্ৰই ৷

ডিব্ৰুগড় অব্যাহত আছে আন্তঃজিলাৰ যাতায়ত

ডিব্ৰুগড়ত ক'ভিডৰ সংক্ৰমণৰ সংখ্যা এতিয়াও হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই । বৰ্তমানলৈ ডিব্ৰুগড় জিলাত ক'ভিডৰ দ্বিতীয় ঢৌত ১৭৭০৭ গৰাকী লোক আক্ৰান্ত হৈছে আৰু এই পযন্ত ৩৮৬৫ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে । জিলাখনত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ২৩০ গৰাকী ৷

ৰাজ্যৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ উপৰত ভিত্তি কৰি প্ৰশাসন তথা ৰাজ্য চৰকাৰে আংশিক ল'ক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছিল যদিও ৰাজ্যৰ পাঁচখন জিলাত আগৰ দৰেই লকডাউন বাহাল থকা কথা ঘোষণা কৰিছিল ৷ সেই ৰাজ্য কেইখন আছিল কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ ৷ এই ৰাজ্য কেইখনত ক'ভিডত আক্ৰান্তৰ হাৰ উৰ্দ্ধগামী হোৱাৰ বাবে জিলা কেইখনত 21 জুনলৈকে ল'ক ডাউন বাহাল থকাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ ইফালে 22 জুনলৈকে আন্তঃজিলাৰ যাতায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছিল প্ৰশাসন তথা ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details