অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ 12 গৰাকীৰ দেহত COVID-19 - ডিব্ৰুৱগড়

শেহতীয়াকৈ 6 গৰাকীৰ দেহত COVID-19 ধৰা পৰাৰ পাছত শণিবাৰৰ নিশা পুনৰ নতুনকৈ 12 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ।

12 new covid 19 cases in dibrugarh
শণিবাৰৰ নিশা ডিব্ৰুগড়ত পুনৰ 12 জনৰ দেহত COVID-19

By

Published : May 31, 2020, 7:22 AM IST

ডিব্ৰুগড়, 31 মে'ঃ শণিবাৰৰ নিশা ডিব্ৰুগড়ত নতুনকৈ 12 গৰাকীকৈ লোকৰ দেহত নতুনকৈ COVID-19 ধৰা পৰাৰ পাছতে জিলাখনত অধিক আতাংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ৰাজ্যৰ বিভিন্ন জিলাত কৰ'ণা ৰোগী ধৰা পৰাৰ পাছতো ডিব্ৰুগড়ত কিছুদিন পূৰ্ৱলৈকে এগৰাকীও কৰ'ণা ৰোগী ধৰা নপৰাৰ ফলত যথেষ্ট পৰিমাণে আস্বস্ত হৈ পৰিছিল ডিব্ৰুগড়বাসী ৷ কিন্তু বিগত দুই এদিনতেই জিলাখনৰ মুঠ 18 গৰাকী COVID-19 ত আক্ৰান্ত হোৱাত স্বাভাৱিকতে আতংকিত হৈ পৰিছে জিলাবাসী । শেহতীয়াকৈ 6 গৰাকীৰ দেহত COVID-19 ধৰা পৰাৰ পাছত শণিবাৰৰ নিশা পুনৰ নতুনকৈ 12 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ।

শণিবাৰৰ নিশা ডিব্ৰুগড়ত পুনৰ 12 জনৰ দেহত COVID-19

যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দিয়া অনুসৰি, মৰণাৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰৰ 10 গৰাকী, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত এগৰাকী আৰু আন গৰাকী জকাইৰ হাস্পতালৰ কোৱাৰেন্টাইন চেন্টাৰৰ ব্যক্তি । এই লোকসকলৰ সকলোৰে আছে ট্ৰেভেল হিষ্টি ।

আৰু পঢ়কঃপুৱা 7 বজাৰ শীৰ্ষ বাতৰি

ABOUT THE AUTHOR

...view details