অসম

assam

ETV Bharat / state

চাপৰত আৰক্ষীৰে তীব্ৰ বাক-বিতণ্ডা প্ৰতিবাদী যুৱ-কংগ্ৰেছীৰ - নতুন কৃষি আইনৰ বিৰুদ্ধে চাপৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী জোঁৰ সমদল

নতুন কৃষি আইনৰ বিৰুদ্ধে চাপৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী জোঁৰ সমদল ৷ প্ৰতিবাদত আৰক্ষীৰ বাধা ৷ যুৱ কংগ্ৰেছীৰ হাতৰ পৰা আৰক্ষীয়ে জোঁৰ কাঢ়ি নিয়াৰ পাছতে আৰক্ষী আৰু প্ৰতিবাদী যুৱ কংগ্ৰেছীৰ মাজত তীব্ৰ বাক বিতণ্ডা ৷

fight between police and youth congress leaders in bilasipara
চাপৰত আৰক্ষীৰে তীব্ৰ বাক-বিতণ্ডা প্ৰতিবাদী যুৱ কংগ্ৰেছীৰ

By

Published : Dec 31, 2020, 7:39 AM IST

পূৱ বিলাসীপাৰা,30 ডিচেম্বৰ: নতুন কৃষি আইনৰ বিৰোধিতাৰে যুৱ কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদত আৰক্ষীয়ে বাধা আৰোপ কৰাৰ পাছতে বুধবাৰে চাপৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, নতুন কৃষি আইন বাতিলৰ দাবীৰে বুধবাৰে চাপৰ-শালকোচা ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু এনএচইউআইৰ সহযোগত চাপৰত শতাধিক কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছ কৰ্মীয়ে চাপৰস্থিত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰিব বিচাৰিছিল ৷ আৰক্ষীয়ে আহি এই জোঁৰ সমদল বাহিৰ কৰাত বাধা প্ৰদান কৰাৰ লগতে যুৱ কংগ্ৰেছীৰ হাতৰ পৰা জোঁৰ কাঢ়ি নিয়াৰ পাছতে আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

প্ৰতিবাদকাৰীৰ পৰা আৰক্ষীয়ে জোঁৰ কাঢ়ি নিয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়

বাক-বিতণ্ডাৰ পাছতে যুৱ কংগ্ৰেছী সকলে ৰাজীৱ ভৱনৰ তলতে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন খন মানি লোৱা ন'হব বুলি হুংকাৰ প্ৰদান কৰে ৷ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলাৰ লগতে অন্নদাতা কৃষকৰ মতক গুৰুত্ব নিদি আন্দোলন কৰিবলৈ বাধ্য কৰোৱাটো দেশৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷

লগতে পঢ়ক:মাদ্ৰাছা বন্ধৰ বিধেয়কৰ বিৰুদ্ধে ন্যালয়ৰ দ্বাৰস্থ হ’ব এ আই ইউ ডি এফ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details