অসম

assam

ETV Bharat / state

ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

১৭ ছেপ্টেম্বৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম জয়ন্তীৰ দিনতে কংগ্ৰেছৰ দেশজুৰি ৰাষ্ট্ৰীয় বে-ৰোজগাৰ দিৱস পালন।

YOUTH CONGRES PROTEST AT DHUBURI
ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 17, 2020, 6:19 PM IST

ধুবুৰী,17 ছেপ্তেম্বৰঃসমগ্ৰ দেশৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ধুবুৰীৰ ৰাজীৱ ভৱনৰ সন্মূখত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বে-ৰোজগাৰ দিৱস পালন কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইনৰ নেতৃত্বত জিলাখনৰ প্ৰায় অৰ্ধশতাধিক যুৱ কংগ্ৰেছৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। হাতে হাতে কাঁহী বাটি বজাই নৰেন্দ্ৰ মোদী হায় হায়,অসম চৰকাৰ হায় হায়, নিবনুৱা সমস্যা দুৰ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ইপিনে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ আজিৰ দিনটো বে-ৰোজগাৰ দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায় যুৱ কংগ্ৰেছে । উল্লেখযোগ্য যে,বছৰে দুই কোটি চাকৰি দিয়াৰ আশ্বাস দিয়া চৰকাৰে এতিয়া ওলোটা খৰ মাৰিছে বুলি অভিযোগ কৰে জিলা যুৱ কংগ্ৰেছে ।

লগতে পঢ়কঃ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ

ABOUT THE AUTHOR

...view details