ধুবুৰী, ২৩ মে': সমগ্ৰ দেশতে কাল কৰ'ণাৰ বিভীষিকাময় পৰিৱেশ অব্যাহত আছে । দেশৰ লগতে অসমৰ ধুবুৰী জিলাতো দৈনিক বৃদ্ধি পাইচছে মহামাৰীৰ সংক্ৰমণ । হোৰাহোৰে বাঢ়িছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । বৰ্তমানলৈ জিলাখনত ২৭৩৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৩৩ গৰাকী মহামাৰী কৰ'ণাৰ কবলত পৰে ।
ধুবুৰীত ২৭৩৮ গৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা - ধুবুৰীতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে মহমাৰীৰ সংক্ৰমণ
ধুবুৰীতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে মহমাৰীৰ সংক্ৰমণ । প্ৰতিদিনে ইটোৰ পাচত সিটোকৈ মহমাৰীৰ কবলত পৰিছে । শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৩৩ গৰাকী মহামাৰী কৰ'ণাৰ কবলত পৰে ।
ধুবুৰীত ২৭৩৮ গৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
ইয়াৰ বিপৰীতে ১৩৪৯ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, বৰ্তমানলৈকে ১৩৬৬ টা ঘটনা সক্ৰিয় হৈ আছে । ইয়াৰে ১২৬৮ গৰাকীক হোম আইছলেচনত থকাৰ বিপৰীতে ৯৮ গৰাকীৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক: মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ?