পশ্চিম বিলাসীপাৰা, 21আগষ্টঃআজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস ৷ সেই উপলক্ষে শুকুৰবাৰে বিয়লি বিলাসীপাৰাৰ চিৰাকুটাত উদযাপন হয় জ্যেষ্ঠ নাগৰিক দিৱস ৷ স্থানীয় শিক্ষক আয়ুব উদ্দিন আহমেদৰ উদ্যোগ তথা বিলাসীপাৰা শিক্ষক সমাজৰ সৌজন্যত উদযাপিত হোৱা অনুষ্ঠানত গোলকগঞ্জ ডায়েট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আয়ুব উদ্দিন আহমেদ, চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যাপক শ্বেখ হেদায়েৎ উল্লাহ আৰু শিক্ষাবিদ কল্যাণ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে ৷
বিলাসীপাৰাত উদযাপন বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস - গোলকগঞ্জ ডায়েট মহাবিদ্যালয়
অনুষ্ঠানত গোলকগঞ্জ ডায়েট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আয়ুব উদ্দিন আহমেদ, চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যাপক সেখ হেদায়েৎ উল্লাহ আৰু শিক্ষাবিদ কল্যাণ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলে বৃদ্ধ পেঞ্চন বৃদ্ধিৰো দাবী জনায় ৷
বিলাসীপাৰাত উদযাপন বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস
ইয়াৰ লগতে বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷ অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত জ্যেষ্ঠ নাগৰিকসকলে বৃদ্ধ পেঞ্চন বৃদ্ধিৰো দাবী জনায় ৷ আনহাতে, এই অনুষ্ঠানত ৪০ গৰাকী জ্যেষ্ঠ নাগৰিকক ছাতি, লাঠি, ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
লগতে পঢ়কঃআছুৰ নতুন ৰাজনৈতিক দল: কি কয় দুই প্ৰাক্তন সভাপতিয়ে