ধুবুৰী,13ফেব্ৰুৱাৰী:ধুবুৰীবাসীৰ বাবে আছে এক সুখবৰ ৷ গোলকগঞ্জত স্থাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়৷ শনিবাৰে সদনৰ মজিয়াত অসম চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জত বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা আৰু যাৱতীয় কাম-কাজ তীব্ৰ গতিত চলি থকা বুলি উল্লেখ কৰাৰ পিছতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া গোলকগঞ্জত ৷
গোলকগঞ্জত স্থাপন হ'ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় - WORLD MAHABIR CHILARAI UNIVERSITY
ধুবুৰীবাসীৰ বাবে আছে এক সুখবৰ ৷ গোলকগঞ্জত স্থাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় ৷ শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলাক বিশেষ উপকৃত কৰি তোলাৰ লগতে এই বিশ্ববিদ্যালয়ে নামনি অসমৰ ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য বীৰ চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহন্তীৰ ৷
গোলকগঞ্জত স্থাপন হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়
বীৰ চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহন্তীয়ে মন্তব্য কৰি কয়, শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলাক বিশেষ উপকৃত কৰি তোলাৰ লগতে এই বিশ্ববিদ্যালয়ে নামনি অসমৰ ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব ৷ তদুপৰি পশ্চিমবংগৰ ছাত্ৰ-ছাত্ৰী সকলেও বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়ত পাঠদান গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ।
লগতে পঢ়কঃশোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ