বিলাসীপাৰা, 5 জুন : বিশ্ব পৰিৱেশ দিৱসটিৰ সৈতে সংগতি ৰাখি শনিবাৰে বিলাসীপাৰা প্ৰেছ ক্লাবতো উদযাপন কৰা হয় পৰিৱেশ দিৱস ৷ সেই উপলক্ষে প্ৰেছ ক্লাব চৌহদত গছপুলি ৰোপন কৰাৰ লগতে জনগণৰ মাজত গছপুলি বিতৰণ কৰে প্ৰেছ ক্লাবৰ সদস্যসকলে ৷ ইফালে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 27 নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদাই সমষ্টিটোৰ কবৰস্থান, শ্মশানকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদত গছপুলি ৰোপন কৰে ৷
বিলাসীপাৰা প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উপলক্ষে শনিবাৰে বিলাসীপাৰা প্ৰেছ ক্লাবে ৰূপায়ণ কৰে বিশেষ কাৰ্যসূচী ৷ ইফালে 27 নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদাইয়ো বিভিন্ন স্থানত ৰোপন কৰিলে গছপুলি ৷
বিলাসীপাৰা প্ৰেছ ক্লাৱৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
গছপুলি ৰোপন কৰাৰ অন্তত বিধায়কজনে ৰাইজক উদ্দেশ্যি সংবাদ মাধ্যমৰ জৰিয়তে কয় যে, কেৱল পৰিৱেশ দিৱস বুলি গছপুলি ৰোপন কৰিলে নহ’ব, পুলিটোক ভালকৈ লালন-পালনো কৰিব লাগিব ৷ গতিকে গছপুলিটোক লালন পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ৷