অসম

assam

ধুবুৰীত 'বিশ্ব চাইকেল দিৱস' উদযাপন

By

Published : Jun 3, 2019, 9:44 AM IST

সোমবাৰে পুৱা সাত বজাত ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক চাইকেল শোভাযাত্ৰা উলিওৱা হয় ৷

ধুবুৰীত পালন 'বিশ্ব চাইকেল দিৱস'

ধুবুৰী , 03 জুন ':দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে ধুবুৰীত 'বিশ্ব চাইকেল দিৱস' পালন কৰা হয় ৷ এই উপলক্ষে পুৱা সাত বজাত বাইক ৰাইডাৰ্চৰ সহযোগত আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত এক চাইকেল শোভাযাত্ৰা উলিওৱা হয় ৷

ধুবুৰীত পালন 'বিশ্ব চাইকেল দিৱস'

ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এই চাইকেলৰ শোভাযাত্ৰা উলিওৱা হয় ৷ জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত উলিওৱা এই চাইকেল ৰেলিয়ে ধুবুৰীৰ পৰা গৌৰীপুৰলৈ গৈ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ লগতে আজিৰ পৰা সকলো ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায় জিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইপিনে এই শোভাযাত্ৰাত প্ৰায় অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷

ধুবুৰীত পালন 'বিশ্ব চাইকেল দিৱস'

ABOUT THE AUTHOR

...view details