অসম

assam

চাপৰত ব্যতিক্ৰমী ধৰণেৰে বিশ্ব চাইকেল দিৱস পালন

By

Published : Jun 4, 2021, 9:41 AM IST

সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে চাপৰৰ বহলপুৰত ব্যতিক্ৰমী ধৰণে বিশ্ব চাইকেল দিৱস পালন । বিশ্ব চাইকেল দিৱস উপলক্ষে SAVE EARTH CYCLING CLUB নামৰ এটা সংস্থাই মহানিম গছৰ পুলি বিতৰণ কৰিছে প্ৰকৃতি প্ৰেমীৰ মাজত । বৃহস্পতিবাৰে বহলপুৰত কৰ্তব্যৰত আৰক্ষীৰ মাজত বিতৰণ কৰে গছৰ পুলি ।

World Bicycle Day celebration
চাপৰত ব্যতিক্ৰমী ধৰণেৰে বিশ্ব চাইকেল দিৱস পালন

পূৱ বিলাসীপাৰা, ৪ জুন: বৃহস্পতিবাৰে বিশ্বজুৰি পালন কৰা হ'ল চাইকেল দিৱস । ৰাজ্যৰ বিভিন্ন স্থানতো বিশ্ব চাইকেল দিৱস উপলক্ষে বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ধুবুৰীৰ চাপৰৰ বহলপুৰত SAVE EARTH CYCLING CLUB নামৰ এটা সংস্থাই এক ব্যতিক্ৰমী চিন্তাৰে চাইকেল দিৱস পালন কৰে । বিশ্ব চাইকেল দিৱস উপলক্ষে এলানি কাৰ্যসূচী হাতত লৈছে সংস্থাটোৱে ।

চাপৰত ব্যতিক্ৰমী ধৰণেৰে বিশ্ব চাইকেল দিৱস পালন

সুৰজিৎ দাসৰ নেতৃত্বত সংস্থাটোৰ সদস্যসকলে ৩ জুনৰ পৰা মহানিম গছৰ পুলি প্ৰকৃতি প্ৰেমীৰ মাজত বিতৰণ কৰিছে । অহা ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস পৰ্যন্ত অব্যাহত থাকিব এই কাৰ্যসূচী । এই তিনিদিনত সুৰজিৎ দাসৰ নেতৃত্বত SAVE EARTH CYCLING CLUB নামৰ সংস্থাটোৱৰ সদস্যসকলে ৫০ জোপা মহানিমৰ পুলি ৫০ জন প্ৰকৃতি প্ৰেমীৰ হাতত অৰ্পণ কৰিব ।

এই ৫০জন ব্যক্তিৰ লগত তেওঁলোকে WhatsAppৰ জৰিয়তে যোগাযোগ অব্যাহত ৰাখিব আৰু এওঁলোকৰ ভিতৰত যি কেইজন প্ৰকৃতিপ্ৰেমীৰ গছপুলি অহা ২ বছৰত ৬ ফুটতকৈ বেছি ওখ হ'ব, তেওঁলোকৰ মাজত লটাৰিযোগে এজন প্ৰকৃতি প্ৰেমী বাচনি কৰা হ'ব । উক্ত প্ৰকৃতি প্ৰেমীগৰাকীক ২০২৩ চনৰ ৩ জুন তাৰিখে ৫০০০ টকাৰ চেক পুৰস্কাৰ হিচাপে সংস্থাটোৱে আগবঢ়াৱ ।

বিশ্ব চাইকেল দিৱস উপলক্ষে আৰক্ষীক মহানিমৰ পুলি প্ৰদান SAVE EARTH CYCLING CLUBৰ

পুৰস্কাৰ প্ৰাপ্ত প্ৰকৃতি প্ৰেমীজনৰ নাম, ফটো আদি বাতৰি কাকত, Social mediaৰ জৰিয়তে প্ৰকাশ কৰিব সংস্থাটোৱে । প্ৰথম কাৰ্যসূচী হিচাপে সংস্থাটোৱে বৃহস্পতিবাৰে বহলপুৰত কৰ্তব্যৰত আৰক্ষী জোৱানৰ মাজত মহানিমৰ পুলি বিতৰণ কৰে । তেওঁলোকে প্ৰায় ৩৫ কি:মি: চাইকেলেৰে পৰিভ্ৰমণ কৰিব । প্ৰকৃতি সংৰক্ষণক মূল উদ্দেশ্য হিচাপে লৈছে আগবাঢ়িছে সংস্থাটো ।


লগতে পঢ়ক:ৰঙিয়াত দৰিদ্ৰ কৃষকৰ মাজত ধানৰ বীজ বিতৰণ আছুৰ

ABOUT THE AUTHOR

...view details