বিলাসীপাৰা,৩ মে' : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় | নিতৌ বহি: ৰাজ্যলৈ চালান হয় চোৰাং শাল, চেগুন কাঠ শুকুৰবাৰে বগৰীবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত অভিযান চলাই জব্দ কৰে ট্ৰাক ভৰ্তি চেগুন কাঠৰ কুণ্ডা । আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ - গুৱাহাটী
শুকুৰবাৰে বগৰীবাৰী আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত অভিযান চলাই জব্দ কৰে ট্ৰাক ভৰ্তি চেগুন কাঠৰ কুণ্ডা ৷ গুৱাহাটীৰ পৰা কলকাতালৈ কঢ়িয়াই নিয়া অৱস্থাতে আৰক্ষীয়ে উদ্ধাৰ কৰে কাঠসমূহ ৷
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ চৈধ্য লক্ষাধিক টকাৰ চোৰাং কাঠ
পিচত স্থানীয় বন বিভাগৰ দ্বাৰা জব্দকৃত চোৰাং কাঠসমূহৰ সঠিক জৰীপ উলিয়াই নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰক্ষীয়ে | ইতিমধ্যে জব্দকৃত কাঠ সমূহৰ আনুমানিক মূল্য চৈধ্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে | উল্লেখ্য যে UP 21 AN - 2554 নম্বৰ ট্ৰাকখনেৰে কঢ়িয়াই অনা চোৰাং কাঠৰ কুণ্ডাসমূহ গুৱাহাটীৰ পৰা কলকাতালৈ কঢ়িয়াই নিয়া অৱস্থাতে উদ্ধাৰ কৰে আৰক্ষীয়ে |