পূৱ বিলাসীপাৰা, 25 ছেপ্টেম্বৰ :ৰাজ্যত বৰ্তমানেও বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ অব্যাহত আছে । প্ৰথমে চা-চিনাকি, তাৰ পিছত প্ৰেম আৰু পিছত প্ৰেমিকাক লৈ বহিঃ ৰাজ্যলৈ পলায়ণ আৰু অৱশেষত বিক্ৰী । এইয়া এতিয়া এটা চিনাকি বাতৰি ৷ শেহতীয়া কেইটামান বছৰত এইদৰেই নিখোজ হৈছে ৰাজ্যৰ বহু নাৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেতত পৰিছে ৰাজ্যৰ বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলা ।
ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিলাসীপাৰাতো মানৱ সৰবৰাহকাৰীৰ ভয়ঙ্কৰ জাল সম্প্ৰতি উন্মোচিত হৈছে । বৰ্তমানৰ পৰা ২ বছৰ পূৰ্বে বিলাসীপাৰাৰ নায়েৰ আলগাৰ এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰিছিল মানৱ সৰবৰাহকাৰী চক্ৰটোৰ এগৰাকী সদস্যই । ইয়াৰ পিছত বিবাহৰ ছলনাৰে কিশোৰী গৰাকীক পলুৱাই লৈ যোৱা হৈছিল দিল্লীলৈ ।