পূৱ বিলাসীপাৰা, 30 মাৰ্চ : পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে অমানৱীয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ । অপৰাধীক গ্ৰেপ্তাৰৰ নামত মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি পুৱতি নিশা ফলিমাৰী অঞ্চলত উপস্থিত হৈ অসম আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানে ঘৰৰ পৰা মহিলা সকলক উলিয়াই মাৰপিট কৰে । ফলত চাৰিগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হয় । আহত মহিলা চাৰিগৰাকীক ততালিকে চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ফলিমাৰীত মহিলাৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ! - মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতন
পূৱ বিলাসীপাৰাৰ চাপৰৰ ফলিমাৰীত অপৰাধীক গ্ৰেপ্তাৰৰ নামত মহিলাৰ ওপৰত অত্যাচাৰ অভিযোগ ৷ চাপৰৰ ফলিমাৰীত যোৱা ২৭ মাৰ্চত একাংশ উদণ্ড লোকে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল । সেই ঘটনাৰ অপৰাধীক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে ৷
women tortured by police