অসম

assam

ETV Bharat / state

Protest against price hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত মহিলা কংগ্ৰেছৰ

ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি ধুবুৰীত ধুবুৰী জিলা মহিলা কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে সাংসদ বদৰুদ্দিন আজমলকো সমালোচনা কৰে জিলা মহিলা কংগ্ৰেছে (Women congress Protest against price hike in Dhubri) ৷

Protest against price hike in Dhubri
ধুবুৰীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 3, 2023, 9:51 AM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী, 3 মাৰ্চ : মূল্যবৃদ্ধিক নিৰ্বাচনী ইছ্যু হিচাপে লৈ দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল শাসকীয় দল বিজেপিয়ে । পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনা দলটোৱে কিন্তু শাসনলৈ অহাৰ পিছতেই পাহৰি গ’ল চৰকাৰখনে নাগৰিকলৈ আগবঢ়োৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷ প্ৰতিবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধি তথা প্ৰযোজ্য-অপ্ৰযোজ্য কৰ আৰোপে ইতিমধ্যে সাধাৰণ নাগৰিকৰ জীৱন যাত্ৰাত পেলাইছে প্ৰভাৱ (Women congress Protest against price hike in Dhubri) ৷

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সমান্তৰালভাৱে চৰকাৰখনে ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে পেট্ৰ’ল-ডিজেলৰ মূল্যও ৷ প্ৰতিবিধ সামগ্ৰীৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি ঘটাৰ ফলত বিভিন্ন দল-সংগঠনে ইয়াৰ নিৰন্তৰ প্ৰতিবাদ কৰি অহা পৰিলক্ষিত হৈছে (Protest against price hike in Dhubri)।

বিভিন্ন দল সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে ধুবুৰী জিলা মহিলা কংগ্ৰেছে শেহতীয়াকৈ পুনৰ বৃদ্ধি হোৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ধুবুৰীৰ জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে’ কাৰ্ড আদি লৈ বিজেপি চৰকাৰ মূর্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

ধুবুৰী জিলা মহিলা কংগ্ৰেছে জিলাখনৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই ৷ ইয়াৰ পিছতে অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ধুবুৰী জিলা মহিলা কংগ্ৰেছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ মূল্য আছিল চাৰিশ দহ টকা , কিন্তু বিজেপি চৰকাৰৰ কাৰ্যকালত এই মূল্য বৃদ্ধি পাই হ’লগৈ ১২০০ পৰ্যন্ত ।

অকল এয়াই নহয় বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক মুল্য বৃদ্ধিত দেশৰ সাধাৰণ জনতা জুৰুলা হৈ পৰিছে বুলি উল্লেখ কৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে । ৰন্ধন গেছৰ মূল্য হ্ৰাস নকৰিলে ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ পিছতে এ আই ইউ ডি এফ দলটোৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ বেবী বেগমে এ আই ইউ ডি এফ দল বিজেপিৰ এজেন্ট বাবেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজিলৈকে প্ৰতিবাদ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় (Dhubri women congress react on AIUDF)।

লগতে পঢ়ক :HSLC examination starting today: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ১৪৪ ধাৰা জাৰি যোৰহাটত

ABOUT THE AUTHOR

...view details