ধুবুৰী, 19 মে‘, : ধুবুৰীত বেংকৰ সন্মুখত দেখা গ‘ল দীঘলীয়া শাৰী । কৰবাত যদি মহিলা গ্ৰাহকে বান্ধিছে দীঘলীয়া শাৰী আন কৰবাৰ ৰাজপথত আকৌ দীঘলীয়া ছেণ্ডেলৰ শাৰী।
দীঘলীয়া লক ডাউনৰ ফলত জুৰুলা হৈছে ধুবুৰীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল সমূহ । উপাৰ্জনৰ পথ বন্ধ হৈ পৰা শ-শ পৰিয়ালে অৰ্থ আৰু খাদ্য সংকটত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে । যাৰ ফলত প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰাই প্ৰতিখন বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতিছে শ-শ গ্ৰাহকে । ইয়াৰে বেছি ভাগেই মহিলা গ্ৰাহক । প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিৰ একাউণ্টত চৰকাৰে সোমাই দিছে ৫০০ টকাকৈ । যাৰ বাবে প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰাই বেংকৰ সন্মুখত ভিৰ কৰে মহিলা গ্ৰাহকে । পোৱাৰ পৰা দিনটো দীঘলীয়া শাৰীত থিয় হৈ থাকি জন ধন যোজনাৰ ৫০০ টকা উঠাই লৈ ঘৰলৈ যায় দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলা গ্ৰাহক সকলে ।