ধুবুৰী, 28 অক্টোবৰ:ধুবুৰীৰ পানবাৰীত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই ৷ ধুবুৰীৰ গৌৰীপুৰ থানা এলেকাৰ অন্তৰ্গত পানবাৰী অঞ্চলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ৰাইজৰ অভিযোগ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীয়ে চিকিৎসাৰ অভাৱতেই মৃত্যুক সাৱটিব লগা হয় ৷
ধুবুৰীৰ গৌৰীপুৰ থানা এলেকাৰ অন্তৰ্গত পানবাৰী অঞ্চলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয় জানিব পৰা মতে,বুধবাৰে বিয়লি ধুবুৰী অভিমুখী এ এছ ১৭ ই - ৩১৭৫ নম্বৰৰ এখন চাৰিচকীয়া বাহন ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দ' খাৱৈত বাগৰি পৰে ৷ এখন দলঙৰ কাষৰ দ' খাৱৈত বাহন খন বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় ধুবুৰী চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আব্দুল ছামাদৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ।
এখন দলঙৰ কাষৰ দ' খাৱৈত বুধবাৰে বিয়লি বাহনখন দ' খাৱৈত বাগৰি পৰে ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে দুৰ্ঘটনাৰ পিছতেই বাহন খনৰ ভিতৰৰ পৰা দুৰ্ঘটনাগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ বাবে যোগাযোগ কৰা হয় যদিও প্ৰায় এঘণ্টা সময়লৈকে তেওঁলোকে কোনো সঁহাৰি পাবলৈ সক্ষম নহ'ল ৷ ফলত চিকিৎসাৰ অভাৱতেই মহিলা গৰাকীৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷
শিক্ষক গৰাকীৰ লগতে তেওঁৰ পুত্ৰক ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি ৰাইজে জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক:গো-মাফিয়া আদম আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ ধুবুৰী আৰক্ষীৰ