বিলাসীপাৰা , 09 মে': বিলাসীপাৰাৰ বাঘমাৰী 1ম খণ্ড গাঁৱত বুধবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ গাঁও খনৰ মইদুল হক ওৰফে মুকুল নামৰ লোক এজনে পত্নী আনোৱাৰা বিবিক যৌতুকৰ দাবীত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ নিহত মহিলা গৰাকীৰ পৰিয়ালে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷
বিলাসীপাৰাত যৌতুকৰ দাবীত পত্নীক ডিঙি চেপি হত্যা স্বামীৰ
স্বামী মইদুল হকে পত্নী আনোৱাৰাক হত্যা কৰাৰ অভিযোগ উঠিছে ৷ নিহত মহিলা গৰাকীৰ পৰিয়ালে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷
অভিযোগ অনুসৰি মইদুল হকে দীৰ্ঘ দিনৰ পৰা পত্নীৰ পৰিয়ালৰ পৰা ধন আৰু যৌতুক দাবী কৰি আহিছে ৷ ধন আৰু যৌতুক দাবী কৰি মইদুলে পত্নী আনোৱাৰা বিবিক বিয়াৰ পিচৰে পৰা শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ দিয়ে নিহত মহিলা গৰাকীৰ পৰিয়ালে ৷ পৰিয়ালৰ লোকৰ মতে যৌতুক দাবীৰ পৰিণতিতে মইদুল হকে বুধবাৰে নিশা আনোৱাৰাক ডিঙি চেপি হত্যা কৰে ৷ ইপিনে হত্যাকাণ্ডৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু ৰাণীগঞ্জ আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্ত মইদুল হকে পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ টো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে নিশাই মৃত মহিলা গৰাকীৰ ভাতৃ আতোৱাৰ ৰহমানে ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাৰ অভিযোগত মইদুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷