ধুবুৰী, 30 ছেপ্টেম্বৰ :ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী চহৰৰ দহ নম্বৰ ৱাৰ্ডৰ এডোখৰ মাটি বেদখলক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ ৷
ইয়াৰে জাহানাৰা খাতুন নামৰ এগৰাকী মহিলাই মাটি ভাগ বাটোৱাৰাৰ বাবে আবেদন দাখিল কৰিছিল চক্ৰ বিষয়াৰ কাৰ্যালয়ত । কিন্তু লাট মণ্ডলে মাটি খিনি ভগা বাটোৱাৰা নকৰাৰ ফলত ক্ষোভিত হৈ পৰে ভুক্তভোগী মহিলা গৰাকী ৷ ইফালে, লাট মণ্ডলক দহ হাজাৰ টকা দিয়াৰ পিছতো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ।
লগতে পঢ়ক:কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি