পূৱ বিলাসীপাৰা, ১৩ ছেপ্টেম্বৰঃ পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ সুৰাৰ বিয়াগোম ব্যৱসায় । সুৰাব্যৱসায়ী সকলৰ ওপৰত হঠাৎ চকু পৰিল ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ।
পূৱ বিলাসীপাৰাৰ চাপৰত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ বিলাতী সুৰা - ধুবুৰী আৰক্ষী অধীক্ষক
ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সুৰাৰ বিৰুদ্ধে আকস্মিক অভিযান ৷ চাপৰ নগৰৰ কেবাঠাইতো চলিল অভিযান । অভিযানত জব্দ তিনি লক্ষাধিক টকাৰ বিলাতী সুৰা । আটক জিবু ৰায় নামৰ এজন সুৰা ব্যৱসায়ী ।
![পূৱ বিলাসীপাৰাৰ চাপৰত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ বিলাতী সুৰা WINE RECOVER BY BILASHIPARA POLICE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8790452-157-8790452-1600016346293.jpg)
পূৱ বিলাসীপাৰাৰ চাপৰত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ বিলাতী সুৰা
পূৱ বিলাসীপাৰাৰ চাপৰত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ বিলাতী সুৰা
দেওবাৰে নিশা আৰক্ষী অধীক্ষক মিশ্ৰই চাপৰ নগৰৰ কেবাঠাইতো আকস্মিক ভাবে অভিযান চলাই তিনি লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে জিবু ৰায় নামৰ এজন সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষময় হয় ৷ সম্প্ৰতি আৰক্ষী অধীক্ষক গৰাকীৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃনিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধীক্ষকৰ সজাগতা সভা