ধুবুৰী, 7 জুন: ধুবুৰীৰ ঐতিহাসিক জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাক লৈ উত্তেজিত হৈ পৰিছে ধুবুৰীৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ জুইশলা কাৰখানাৰ মাটিত উদ্যোগ স্থাপনৰ দাবীত মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ (Wimco Bachao Committee Protest in Dhubri) ৷
ইতিহাস আৰু অস্তিত্বৰ সংকটত এতিয়া ধুবুৰীবাসী ৷ 1925 চনতেই ব্ৰিটিছৰ দিনত স্থাপিত নামনি অসমৰ ধুবুৰীৰ একমাত্ৰ জুইশলা কাৰখানা আছিল ধুবুৰীৰ পৰিচয় আৰু গৌৰৱ ৷ কিন্তু আজি অতীত হোৱাৰ পথত একমাত্ৰ কাৰখানাটো ৷ সম্প্ৰতি ধ্বংসৰ গৰাহলৈ গতি কৰা একমাত্ৰ জুইশলা কাৰখানাটো ITC কোম্পানীটোৱে একাংশ দালালৰ সৈতে মিলি কাৰখানাৰ মাটি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অতি গোপন ভাবে জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাৰ এক তথ্য পোহৰলৈ অহাৰ পিছতেই উত্তেজিত হৈ পৰিছে স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠন (Wimco Bachao Committee Protest) ৷
তথ্য অনুসৰি, কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ্চ নামৰ এটা কোম্পানীৰ ওচৰত 110 বিঘা মাটি পাঁচটা ভাগত ভাগ কৰি বিক্ৰী কৰিছে আই টি চি কোম্পানীয়ে ৷ কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে আৰু কাৰখানাৰ ঠাইত কাৰখানা স্থাপনৰ দাবীত বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, 1925 চনত ধুবুৰী চহৰৰ এ এম.কো. ৰোড অঞ্চলত 132 বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো (Wimco Bachao Committee) ৷