অসম

assam

বিলাসীপাৰাত সক্ৰিয় চোৰাং চাউলৰ ব্যৱসায়ী

By

Published : Jul 6, 2020, 10:38 AM IST

বিলাসীপাৰাত সক্ৰিয় চোৰাং চাউলৰ ব্যৱসায়ী | বিলাসীপাৰা আৰক্ষীয়ে নৈশ টহল দি থকা অবস্থাত দেওবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হয় চোৰাং চাউল ভৰ্তি এখন টাটা ACE বাহন ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ১২ কুইণ্টল চোৰাং চাউল জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বিলাসীপাৰাত সক্ৰিয় চোৰাং চাউলৰ ব্যৱসায়ী
বিলাসীপাৰাত সক্ৰিয় চোৰাং চাউলৰ ব্যৱসায়ী

পশ্চিম বিলাসীপাৰা, 6 জুলাইঃযি সময়ত দেশ তথা ৰাজ্যখনত চলি থকা লক ডাউনৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ শ্ৰমজীৱি লোকে তেনে সময়তো কিন্তু একাংশ চোৰাং চাউলৰ বেপাৰীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং কাৰবাৰ নিৰ্বিঘ্নে চলাই আহিছে ৷ দেওবাৰে নিশা তেনে চোৰাং চাউলৰ বেপাৰীয়ে AS-17B-7905 নম্বৰৰ TATA ACE বাহন খনত চাউল বোজাই কৰি বিলাসীপাৰাৰ পৰা গোৱালপাৰা দিশে লৈ গৈ আছিল ৷ বিলাসীপাৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰজ্ঞান গগৈৰ নেতৃত্বত আৰক্ষীৰ দলে নৈশ টহল দি থকা অৱস্থাত চোৰাং চাউলৰ বাহন জব্দ কৰে যদিও আন্ধাৰৰ সুযোগ লৈ চালকজন পলাই যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

বিলাসীপাৰাত সক্ৰিয় চোৰাং চাউলৰ ব্যৱসায়ী

সম্প্ৰতি বিলাসীপাৰাত চোৰাং চাউলৰ বেপাৰীয়ে একাংশ সমবায় সমিতি আৰু ডিলাৰৰ পৰা এনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল সমূহ কম দামত ক্ৰয় কৰি গোৱালপাৰা জিলাৰ চুনাৰী হৈ নদী পথেৰে বাংলাদেশ লৈ পাচাৰ কৰি আহিছে ৷ আৰক্ষীৰ সঠিক তদন্ত হ'লে এই ব্যৱসায়ৰ লগত জড়িত বহু ৰৌ বৰালি গ্ৰেপ্তাৰ হ'ব |
লগতে চাওকঃ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা

ABOUT THE AUTHOR

...view details