অসম

assam

By

Published : Mar 18, 2021, 7:29 PM IST

Updated : Mar 18, 2021, 9:42 PM IST

ETV Bharat / state

সমৰ্থকক ৰামঠগন দিলে ডাঃ কানুলাল দাসে !

পূৱ বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডাঃ কানুলাল দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে বাইক ৰেলীত অথন্তৰ ৷ কৰ্মী-সমৰ্থকে জ্বলাই দিলে দলীয় পতাকা ৷ ইমানেই নহয়, অসম জাতীয় পৰিষদ মুৰ্দাবাদ, গ' বেক ধ্বনিৰে উত্তাল পৰিৱেশ ৷

সমৰ্থকক ৰামঠগন দিলে ডাঃ কানুলাল দাসে !
সমৰ্থকক বামঠগন দিলে ডাঃ কানুলাল দাসে !

পূব বিলাসীপাৰা,18 মাৰ্চ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ পূৱ বিলাসীপাৰাৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্থিত হয় বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৷ প্ৰাৰ্থী গৰাকীয়ে শতাধিক সমৰ্থকক লগত লৈ সমষ্টিটোত বিশাল বাইক ৰেলী কৰি সমদল বাহিৰ কৰি উপস্থিত হয় কাৰ্যালয়টোত ৷ কিন্তু মনোনয়ন দাখিলৰ পূৰ্বে দলীয় কৰ্মী-সমৰ্থকে হঠাতে জাঙুৰ খাই উঠে ৷ উত্তেজিত সমৰ্থকে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি জ্বলাই দিলে দলীয় পতাকা ৷

সমৰ্থকক ৰামঠগন দিলে ডাঃ কানুলাল দাসে !

উল্লেখ্য যে, বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বিশাল বাইক ৰেলী কৰি সমদল বাহিৰ কৰিছিল পূৱ বিলাসীপাৰাৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসে ৷ সমদল কৰিবলৈ অহা প্ৰতি গৰাকীৰ বাইকৰ বাবে পেট্ৰ’ল দিয়াৰ আশ্বাস প্ৰদান কৰিছিল প্ৰাৰ্থী গৰাকীয়ে ৷ কিন্তু প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ সমৰ্থকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পেট্ৰ’ল পাম্পত থিয় হৈ অৱশেষত ক্ষোভত ফাটি পৰে ৷ কিয়নো পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই পুনৰ ইন্ধন দিয়া নহয় বুলি সদৰী কৰে ৷ যাৰ বাবে স্বাভাৱিকতে জাঙুৰ খাই উঠে একাংশ সমৰ্থক ৷ এই ঘটনাৰ গৰিহণা জনাই সমৰ্থকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উভতি যায় ৰেলীৰ পৰা ৷ উত্তেজিত সমৰ্থকে দলীয় পতাকা জ্বলাই দি অসম জাতীয় পৰিষদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

অন্য এক খবৰৰ বাবে:ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ টিএচিৰ মুখ্য কাৰ্যবাহীৰ

Last Updated : Mar 18, 2021, 9:42 PM IST

ABOUT THE AUTHOR

...view details