ধুবুৰী, 22 এপ্ৰিলঃ মঙলবাৰে অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ ৪নং ধুবুৰী লোকসভা সমষ্টিত 23 এপ্ৰিল পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কিন্তু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ কেইঘণ্টামান বাকী থকা সময়তে বিলাসীপাৰাৰ বয়জেৰ আলগাত অকস্মাৎ ভোট কেন্দ্ৰ স্থানান্তৰক লৈ উত্তাল পৰিস্থিতি সৃষ্টি কৰে ৷
বিলাসীপাৰাত ভোট বৰ্জন ৬২০ গৰাকী ভোটাৰৰ - assam news
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ কেইঘণ্টামান বাকী থকা সময়তে বিলাসীপাৰাৰ বয়জেৰ আলগাত অকস্মাৎ ভোটকেন্দ্ৰ স্থানান্তৰকলৈ উত্তাল পৰিস্থিতি সৃষ্টি কৰে ৷ ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ৷
বিলাসীপাৰাত ভোট বৰ্জন
ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,বয়জেৰ আলগা ৯ম খণ্ড গাঁৱৰ আছাদীয়া প্ৰাঃ বিদ্যালয়ত স্থাপন কৰা হৈছিল এটা ভোট কেন্দ্ৰ ৷ কিন্তু ভোট কেন্দ্ৰটো 4 কিলোমিটাৰ দূৰত্বত আন এটা কেন্দ্ৰলৈ স্থানান্তৰিত কৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে তিনিখন ৬২০ গৰাকী ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷