ধুবুৰী, 14 ফেব্ৰুৱাৰীঃ ধুবুৰীত বয়কট কৰা হ'ল ভেলেণ্টাইন ডে' ৷ প্ৰতি বছৰে চৈধ্য ফেব্ৰুৱাৰীৰ দিনটোত দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰীতো উলহ মালোহেৰে ভালপোৱাৰ এটি বিশেষ দিন হিচাপে পালন কৰে ভেলেণ্টাইন ডে' ৷ কিন্তু এইবেলি ধুবুৰীত পালন কৰা নহল ভেলেণ্টাইন ডে' ৷ কাৰণ বিগত বৰ্ষৰ 14 ফেব্ৰুৱাৰীৰ দিনটোতেই কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ আত্মঘাতী বোমা আক্ৰমণত নিহত হৈছিল বহু সংখ্যক ভাৰতীয় জোৱান ।
ধুবুৰীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন পুলৱামাত শ্বহীদ জোৱানক - pulwama bomb blust
শুকুৰবাৰে ধুবুৰীত শ্ৰদ্ধাঞ্জলি জনাই কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ আত্মঘাতী বোমা আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় জোৱানক ৷ সন্ধিয়াৰ ভাগত সীমান্ত চেতনা মঞ্চ আৰু ৰাষ্ট্ৰীয় বজৰং দলকে ধৰি ধুবুৰীৰ ভিন্ন প্ৰান্তত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ধুবুৰীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন পুলৱামাত শ্বহীদ জোৱানক
সেয়ে শুকুৰবাৰৰ দিনটোত ধুবুৰীৰ নৱ প্ৰজন্মকে ধৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ জোৱান সকল। সন্ধিয়াৰ ভাগত সীমান্ত চেতনা মঞ্চ আৰু ৰাষ্ট্ৰীয় বজৰং দলকে ধৰি ধুবুৰীৰ ভিন্ন প্ৰান্তত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হয়।
আৰু পঢ়কঃ গোলাঘাটত পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হত্যাকাণ্ডঃ নিহত এক